ETV Bharat / sports

India vs Pak Match: একেৰাহে তৃতীয়খন মেচত জয় ৰোহিত বাহিনীৰ - তৃতীয়খন মেচতো জয় ৰোহিত বাহিনীৰ

এদিনীয়া বিশ্বকাপ-2023 ক্ৰিকেটত তৃতীয়খন মেচতো জয় ৰোহিত বাহিনীৰ ৷ পাকিস্তানক সহজে পৰাস্ত কৰি পইন্টৰ তালিকাৰ শীৰ্ষত ভাৰত ৷

India vs Pak Match
একেৰাহে তৃতীয়খন মেচত জয় ৰোহিত বাহিনীৰ
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 11:01 PM IST

স্পৰ্টছ ডেস্ক,14 অক্টোবৰ: এদিনীয়া বিশ্বকাপ-2023 ক্ৰিকেটত তৃতীয়খন মেচতো জয় ৰোহিত বাহিনীৰ ৷ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াত অনুষ্ঠিত ভাৰত-পাকৰ হাইভল্টেজ মেচত 7 উইকেটত পাকিস্তানক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে বিশ্বকাপ জয়ৰ বাবে অধিক আত্মবিশ্বাসী হৈ উঠিছে ৷

আজিৰ মোচত ৰোহিতৰ দৰ্শনীয় বেটিঙে দৰ্শকক মোহিলে ৷ ৰোহিত শৰ্মাৰ বেটিং বিক্ৰমত তচনছ হ’ল পাকিস্তানৰ বলাৰ ৷ প্ৰায় 1 লাখ 32 হাজাৰ দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামত গুঞ্জৰিত হ’ল ইণ্ডিয়া ইণ্ডিয়া ধ্বনি ৷ ইতিমধ্যে আজিৰ মেচখন বিশ্বকাপ ক্ৰিকেট-2023ৰ আটাইতকৈ আকৰ্ষিত মেচ আছিল বুলি ক’ব পাৰি ৷ কিয়নো ভাৰত-পাকিস্তানৰ মেচ মানে কোনেও পৰাজয়ৰ স্বীকাৰ কৰিব নোখোজা মৰপণৰ যুঁজ, আত্মসন্মানৰ যুঁজ ৷

মেচখনৰ আৰম্ভনিৰ পৰাই ভাৰতীয় খেলুৱৈৰ সুন্দৰ প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ হৈছিল ক্ৰিকেটপ্ৰেমী ৷ অধিনায়ক ৰোহিত শৰ্মাৰ ছিক্স আৰু ফ’ৰে অধিক উত্তেজনা পূৰ্ণ কৰি তোলিছিল ভাৰতীয় দৰ্শকক ৷ শুভমানে গিল আৰু অধিনায়ক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সন্মুখত তিষ্ঠি থাকিব পৰা নাছিল পাক বলাৰ ৷

আজিৰ মেচখনত প্ৰথমে বেট ধৰি পাকিস্তানে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতক জয়ৰ বাবে মাত্ৰত 192 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ প্ৰত্যুত্তৰত ভাৰতে 30.3 বলতে পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত উপনিত হয় ৷ কিন্তু দৰ্শনীয় বেটিঙেৰে দৰ্শকৰ লগতে অনুৰাগীক মন মোহিত কৰি পেলোৱা ৰোহতৰ বাবে আজি আছিল কিছু বেদনাদায়ক ৷ কাৰণ পুনৰ শতকৰ পৰা বঞ্চিত হ’ল ৰোহিত ৷ শতকলৈ মাত্ৰ 14 থকা অৱস্থাতে আফ্ৰিদীৰ বলত আউট হয় ৷ অনুৰাগীয়ে হয়তো ৰোহিত শৰ্মাই শত অৰ্জন কৰিব বুলি আশা কৰিছিল ৷

"ভাৰত, ভাৰত" লগতে ষ্টেডিয়ামত উচ্চস্বৰিত হৈছিল "ৰোহিত ৰো-হিট লগতে "বুম-বুম বুমৰাহ", "কুল-কুল কুলদীপ" ধ্বনি শুনিবলৈ পোৱা গ’ল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৷

ইফালে 19 অক্টোবৰত চতুৰ্থখন মেচ ভাৰতৰ বনাম বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব ৷ মাহাৰাষ্ট্ৰত হ’ব লগা মেচখনক লৈ অধিক আত্মবিশ্বাসী ৰোহিত বাহিনী ৷ 22 অক্টোবৰত ধৰ্মশালাত ভাৰতৰ পঞ্চমখন মেচ খেলিব ৷ ভাৰত-নিউজিলেণ্ডৰ মাজত হ’ব মেচখন অধিক আকৰ্শনীয় হ’ব ৷ কাৰণ দুয়োটা দলে অধিক শক্তিশালী হৈ আছে ৷

বৰ্তমান তিনিখন মেচত জয়েৰে পইন্টৰ তালিকৰ শীৰ্ষত আছে আয়োজক দেশ ভাৰত ৷ দ্বিতীয় স্থানত আছে নিউজিলেণ্ড ৷ বৰ্তমানে দুয়োটা দলে তিনিখন মেচত জয় লাভ কৰিছে যদিও 22 অক্টোবৰৰ মেচখন অতি আকৰ্ষনী হ’ব ৷

লগতে পঢ়ক:Cricket world cup 2023: গুজৰাটত বিধ্বস্ত বাবৰ বাহিনী; পৰাক্ৰমেৰে 7 উইকেটত জয়ী ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.