ETV Bharat / sports

Cricket World Cup IND vs AFG : ৰোহিত শৰ্মাৰ শতকেৰে আফগানিস্তানৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ ভাৰতৰ - আফগানিস্তান

চলিত বিশ্বকাপৰ নৱমখন খেলত আফগানিস্তানক 8 উইকেটত পৰাস্ত কৰে ভাৰতে ৷ লীগ পৰ্যায়ৰ খেলখনত টছত জয়ী হৈ ভাৰতক 273 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছিল আফগানিস্তানে ৷

Cricket World Cup IND vs AFG
ভাৰতৰ মুখামুখি আফগানিস্তান
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 4:07 PM IST

Updated : Oct 11, 2023, 9:27 PM IST

স্পৰ্টছ ডেস্ক, 11 অক্টোবৰ : বুধবাৰে দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত চলিত বিশ্বকাপৰ নৱমখন খেলত ভাৰতৰ মুখামুখি হয় আফগানিস্তান ৷ এই মেচখনত ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে 8 উইকেটত বিজয় সাব্যস্ত কৰিছে ৷ চলিত বিশ্বকাপত এইয়া ভাৰতৰ ক্ৰমাগত দ্বিতীয়টো জয় ৷ উল্লেখ্য যে, ভাৰতে ৮ অক্টোবৰত চেন্নাইত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপ 2023ৰ অভিযান আৰম্ভণি কৰিছিল ৷

273 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতে ৰোহিত শৰ্মাৰ বিস্ফোৰক শতকৰ সহায়ত 35 অভাৰতে 2টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ ইনিংছ আৰম্ভ কৰি অধিনায়ক ৰোহিত শৰ্মাই বিস্ফোৰক বেটিঙৰ সহায়ত দলক বিজয়ৰ সোৱাদ দিয়ে ৷ ৰোহিত শৰ্মাই 84 টা বলত 131 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷ অধিনায়কজনৰ শতকীয় ইনিংছটোত 5 টা ছয় আৰু 16 টা চাৰি আছিল ৷

ইফালে অপেনাৰ ইশান কিষণে 47 টা বলত সংগ্ৰহ কৰে 47 ৰাণ ৷ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীয়ে 56 টা বলত 55 ৰাণ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে শ্ৰেয়াছ আয়াৰে 23 টা বলত 25 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ আফগানিস্তানৰ হৈ ৰছিদ খানে 8 অভাৰত 57 ৰাণ খৰছ কৰি দখল কৰে 2 টা উইকেট ৷

ইয়াৰ পূৰ্বে লীগ পৰ্যায়ৰ খেলখনত আফগানিস্তানৰ অধিনায়ক হাছমাতুল্লা শ্বাহিদীয়ে টছত জয়ী হৈ ভাৰতৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ নিজৰ ইনিংছ আৰম্ভ নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেট হেৰুৱাই আফগানিস্তানে 272 ৰাণ সংগ্ৰহ কৰে ৷ 6.4 অভাৰত ইব্ৰাহিম জাদৰানৰ ৰূপত আফগানিস্তানৰ প্ৰথমটো উইকেটৰ পতন ঘটে ৷ 22টা বলত 22 ৰাণ সংগ্ৰহ কৰি যশপ্ৰীত বুমৰাহৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ইব্ৰাহিম জাদৰানে ৷

উইকেটকীপাৰ বেটছমেন তথা অপেনাৰ ৰহমানউল্লাহ গুৰবাজে 28 টা বলত 21 ৰাণ কৰি হাৰ্দিক পাণ্ডিয়াৰ বলত পেভিলিয়নমুখী হয় ৷ ৰহমত শ্বাহে 22 টা বলত 16 ৰাণ কৰি আউট হয় ৷ শ্বাৰ্দুল ঠাকুৰৰ বলত পেভিলিয়নমুখী হয় বেটছমেনজন ৷

অধিনায়ক হাছমাতুল্লা শ্বাহিদীয়ে সাৰ্বাধিক 80 ৰাণৰ বৰঙণি আগবঢ়াই ৷ 88 টা বলত 80 ৰাণ কৰি কুলদীপ যাদৱৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে অধিনায়কজনে ৷ আজমতুল্লাহ ওমৰজাই 69 টা বলত 62 ৰাণ কৰি আছে হাৰ্ডিক পাণ্ডিয়াৰ বলত পেভিলিয়নমুখী হয় ৷ ইফালে ৰছিদ খানে 12 টা বলত 16 ৰাণ কৰি বুমৰাহৰ বলত আউট হয় ৷

ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে সাৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ বুমৰাহে 10 অভাৰত 39 ৰাণ কৰি 4 টা উইকেট দখল কৰে ৷ হাৰ্ডিক পাণ্ডিয়াই 2 টা উইকেট দখল কৰাৰ বিপৰীতে কুলদীপ যাদৱ আৰু শ্বাৰ্দুল ঠাকুৰে দখল কৰে 1টাকৈ উইকেট ৷ আন দুজন বলাৰ মহম্মদ চিৰাজ আৰু ৰবীন্দ্ৰ জাডেজাই উইকেট দখলত ব্যৰ্থ হয় ৷

উল্লেখ্য যে, আজিৰ খেলৰ বাবে দলত স্পীন অলৰাউণ্ডাৰ ৰবিশ্বন্দ্ৰন অশ্বিনৰ ঠাইত ছীমাৰ শ্বাৰ্দুল ঠাকুৰক অন্তৰ্ভূক্ত কৰে ৷ ইফালে 14 অক্টোবৰ শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত 22 গজৰ ৰণত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দী ভাৰত-পাকিস্তান ৷ ইতিমধ্যেই নিজৰ দুখন খেলত জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছে বাবৰ আজমৰ দল ৷ গতিকে দুই প্ৰতিৱেশী ৰাষ্ট্ৰৰ মাজৰ খেলখল হাইভল্টেজ হোৱাৰ আশা আছে ৷

লগতে পঢ়ক : Cricket World Cup 2023: বাংলাদেশৰ বিৰুদ্ধে ১৩৭ ৰানৰ বিশাল ব্যৱধানত জয় ইংলেণ্ডৰ

Last Updated : Oct 11, 2023, 9:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.