ETV Bharat / sports

Cricket World Cup 2023 : শ্ৰীলংকাৰ বিৰুদ্ধে 3 উইকেটত জয়লাভ বাংলাদেশৰ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 6:59 PM IST

Updated : Nov 6, 2023, 10:26 PM IST

চলিত বিশ্বকাপ ক্ৰিকেটৰ 38 সংখ্যক মেচখনত সোমবাৰে শ্ৰীলংকাক 3 উইকেটত পৰাস্ত কৰে বাংলাদেশে ৷ বাংলাদেশৰ সন্মুখত 280 ৰাণৰ লক্ষ্য বান্ধিছিল শ্ৰীলংকাই ৷

Cricket World Cup 2023
শ্ৰীলংকা আৰু বাংলাদেশ

স্পৰ্টছ ডেস্ক, 6 নৱেম্বৰ : চলিত বিশ্বকাপ ক্ৰিকেটৰ 38 সংখ্যক মেচখনত সোমবাৰে মুখামুখি হয় শ্ৰীলংকা আৰু বাংলাদেশ ৷ দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত বাংলাদেশে শ্ৰীলংকাক 3 উইকেটত পৰাস্ত কৰে ৷ 281 ৰাণৰ লক্ষ্য আগত লৈ বাংলাদেশ বাহিনীয়ে 41.1 অভাৰতে 7 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ চাকিব আল হাচান প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

বাংলাদেশে নিজৰ ইনিংছ আৰম্ভ কৰি চাকিব আল হাছান আৰু নাজমূল হুছেইন শান্তোৰ বিস্ফোৰক বেটিঙৰ সহায়ত 41.1 অভাৰতে বিজয় লক্ষ্যত উপনীত হয় ৷ নাজমূল হুছেইন শান্তোৱে 101টা বলত 90 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে চাকিব আল হাচানে 65 টা বলত 82 ৰাণ সংগ্ৰহ কৰে ৷ লিটন দাসে 23 ৰাণৰ বৰঙণি আগবঢ়ায় ৷

শ্ৰীলংকাৰ হৈ দিলছান মধুশংকাই সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ মহেশ তীক্ষণা আৰু এঞ্জেলো মেথিউজে 2টাকৈ উইকেট দখল কৰে ৷

ইফালে প্ৰথমে বেটিং কৰি শ্ৰীলংকাই 49.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 279 ৰাণ ৷ টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় বাংলাদেশে ৷

নিজৰ ইনিংছ আৰম্ভ কৰি শ্ৰীলংকাই চাৰিথ আছালাংকাৰ শতকৰ সহায়ত বাংলাদেশক বান্ধি দিয়ে 280 ৰাণৰ লক্ষ্য ৷ চাৰিথ আছালাংকাই 105 টা বলত 108 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ পাথুম নিশাংক আৰু সমৰবিক্ৰমাই সংগ্ৰহ কৰে 41 ৰাণ ৷ ধনঞ্জয় দি চিলভাই সংগ্ৰহ কৰে 34 ৰাণ ৷

বাংলাদেশৰ হৈ ছৰিফুল ইছলাম আৰু অধিনায়ক ছাকিব আল হাচানে দখল কৰে 2 টাকৈ উইকেট ৷ টাঞ্জিম হাছান চাকিবে দখল কৰে সাৰ্বাধিক 3 টা উইকেট ৷ মেহদী হাছান মিৰ্জাই দখল কৰে 1 টা উইকেট ৷

লগতে পঢ়ক : ICC World Cup 2023 : টাইম আউটৰ আপীল, বেটিং নকৰাকৈয়ে পেভিলিয়নলৈ উভতিল এঞ্জেলো মেথিউছ

Last Updated : Nov 6, 2023, 10:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.