ETV Bharat / sports

ICC World Cup 2023: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 38 ৰাণত জয়ী নেদাৰলেণ্ড

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:45 PM IST

Updated : Oct 17, 2023, 11:03 PM IST

ধৰমশালাত দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত বিশ্বকাপৰ লীগ মেচখনত মঙলবাৰে বৰষুণে কিছু ব্যাঘাত জন্মায় ৷ 43 অভাৰলৈ হ্ৰাস কৰা খেলখনত নেদাৰলেণ্ডে দক্ষিণ আফ্ৰিকাক 38 ৰাণত পৰাস্ত কৰে ৷

World Cup 2023
ICC World Cup 2023 updates

স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ: বেটিং বিপৰ্জয়ে কেৱল নেদাৰলেণ্ডকে শলঠেকত পেলোৱা নাছিল মঙলবাৰৰ বিশ্বকাপৰ লীপ মেচখনত ৷ ধৰমশালাত ধৰাশায়ী হ’ল দক্ষিণ আফ্ৰিকাও ৷ বৰ্ষাবিঘ্নিত খেলখন পলমকৈ আৰম্ভ হোৱাৰ লগতে অভাৰৰ সংখ্যা 43 লৈ হ্ৰাস কৰা হয় ৷ প্ৰথমে বেটিং কৰি নেদাৰলেণ্ডে 8 উইকেট হেৰুৱা 245 ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকল আজি বাৰুকৈয়ে ব্যৰ্থ হয় দলক জয়ী কৰোৱাত ৷ 38 ৰাণত জয়লাভ কৰে নেদাৰলেণ্ডে ৷

অপেনাৰ কুইন্টন ডি ককে 20 ৰাণ আৰু টেম্বাই 16 ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে ৷ ডুচেন আৰু মাক্ৰামে অত্যন্ত হতাশজনক প্ৰদৰ্শন আগবঢ়ায় ৷ ক্লাছেনে 28 ৰাণ আৰু মিলাৰে সৰ্বাধিক 43 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ টপ আৰু মিডল অৰ্ডাৰ বেটচমেনৰ হতাশজনক প্ৰদৰ্শনে দক্ষিণ আফ্ৰিকাক বিপৰ্যয়ৰ মুখলৈ থেলি দিয়ে ৷ কেশৱ মহাৰাজে 40 ৰাণ কৰে যদিও দলটোক জয়ী কৰাবলৈ সক্ষম নহয় ৷

নেদাৰলেণ্ডৰ হৈ লোগান ভানে 3 টা, পল ভান, মাৰৱে’, বেচ ডি লীডেয়ে 2 টাকৈ আৰু কলিনে 1 টা উইকেট দখল কৰে ৷

খেলখনত নেদাৰলেণ্ডে প্ৰথমে বেটিং কৰি 8 উইকেট হেৰুৱাই 245 ৰাণ সংগ্ৰহ কৰে । বলিঙৰ দিশত দক্ষিণ আফ্ৰিকাই শক্তিশালী আৰম্ভণি কৰিছিল আৰু পেচাৰ কাগিছ’ ৰাবাডাই আন ছিমাৰৰ সৈতে মিলি নেদাৰলেণ্ডৰ দলটোৰ বিৰুদ্ধে তীব্ৰ বলিং আক্ৰমণ চলায় ৷ 15 অভাৰত 50 ৰাণ হওঁতেই ডাচ দলটোৱে 4 টা উইকেট হেৰুৱায় । কিন্তু নেদাৰলেণ্ডৰ ল’ৱাৰ অৰ্ডাৰে খেলখনৰ স্থিতি মজবুত কৰি দলৰ স্ক’ৰ 245 লৈ আগুৱায় নিয়ে ।

আৰম্ভণিতে পীটছখনে পেচ বলাৰসকলক সহায় কৰিছিল ৷ যাৰ ফলত দক্ষিণ আফ্ৰিকাৰ বলাৰে নেদাৰলেণ্ডৰ ইজনৰ পিচত সিজন খেলুৱৈক পেভিলিয়নলৈ পঠিয়াবলৈ সক্ষম হয় ৷ নিয়মীয়া উইকেট পতনৰ ফলত টপ অৰ্ডাৰ আৰু মিডল অৰ্ডাৰৰ খেলুৱৈ কেইজনে বিশেষ ৰাণ কৰিব নোৱাৰিলে ৷ কিন্তু ল’ৱাৰ অৰ্ডাৰৰ বেটছমেনকেইজনে ধৈৰ্যৰে খেলি দক্ষিণ আফ্ৰিকাৰ সমুখত 246 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ বৰষুণ আৰু ডাৱৰীয়া বতৰৰ বাবে মেচখন পলমকৈ আৰম্ভ হৈছিল । অৱশেষত ফিক্সাৰ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিযোগিতাখন ৪৩ অভাৰলৈ হ্ৰাস পায় ।

৭ নম্বৰ স্থানত অহা অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন স্কট এডৱাৰ্ডে শেষলৈকে অপৰাজিত হৈ থাকে আৰু ১০ টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী কোবাই ৬৯টা বলত ৭৮ ৰান সংগ্ৰহ কৰে । ৯ নম্বৰ আৰু ১০ নম্বৰ বেটছমেন ক্ৰমে ৰ’লফ ভান ডেৰ মেৰৱেয়ে ২৯ আৰু আৰিয়ান দত্তই ২৩ ৰাণ কৰে ৷ নৱম উইকেটত ৪১ ৰান সংযোজন কৰি ডাচ দলে নিৰ্ধাৰিত ৪৩ অভাৰত ৮ উইকেটত ২৪৫ ৰান সংগ্ৰহ কৰে ।

প্ৰটিয়াছৰ হৈ ৰাবাডা, মাৰ্কো জান্সেন, আৰু লুংগি ঙিডিয়ে দুটাকৈ উইকেট দখল কৰি বিপক্ষৰ মেৰুদণ্ড ভাঙি পেলায় ।

লগতে পঢ়ক: CWC 2023 : আমি আৰু ভাল খেলিব লাগিব; আফগানিস্তানৰ হাতত পৰাজয়ৰ পিছত বাটলাৰ

Last Updated : Oct 17, 2023, 11:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.