নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত এছেজ ক্ৰিকেট শৃংখলাত (Ashes test series) শোচনীয় পৰাজয়ৰ পাছতেই ইংলেণ্ড দলৰ প্ৰশিক্ষক ক্ৰিছ চিলভাৰউডে পদত্যাগ কৰা বুলি জানিব পৰা গৈছে । চিলভাৰউডৰ পদত্যাগৰ আগে আগে বুধবাৰে ইংলেণ্ডৰ ক্ৰিকেটৰ সঞ্চালক এচ্লি গিলচে নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল (Giles leaves England cricket team)।

"যোৱা দুবছৰ যথেষ্ট প্ৰত্যাহ্বানজনক আছিল যদিও সঁচাকৈয়ে দলৰ সকলোৰে সৈতে মোৰ সময় খিনি উপভোগ কৰিলো । মই এতিয়া যথেষ্ট ভাল স্মৃতি লৈ ঘৰলৈ উভতিম আৰু পাছৰ সময়ছোৱা পৰিয়ালৰ সকলোৰে সৈতে কটোৱাৰ পৰিকল্পনা কৰি আছো," চিলভাৰউডে সংবাদ মাধ্যমক জনায় ।

জানিব পৰা মতে শীঘ্ৰেই আন এজন প্ৰশিক্ষকক দলত নিযুক্তি দিয়া হ’ব যাতে ইংলেণ্ডে ৱেষ্ট ইণ্ডিজৰ সৈতে হ’বলগীয়া টেষ্ট শৃংখলাত ভাল প্ৰদৰ্শন কৰিব পাৰে । "তেওঁক নিযুক্তি দিয়াৰ পাছৰে পৰাই ক্ৰিছে দলৰ বাবে কৰণীয়খিনি যথেষ্ট সফলতাৰে কৰিছে," ইংলেণ্ড আৰু ৱেলচৰ ক্ৰিকেট ব’ৰ্ডৰ চীফ এক্সিকিউটিভ অফিচাৰ টম হেৰিচনে কয় ।
উল্লেখ্য যে, প্ৰশিক্ষক ক্ৰিছৰ নেতৃত্বত ইংলেণ্ড দলে হোৱাইট বল প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ দলটোৱে দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ সৈতে টেষ্ট চিৰিজৰ শৃংখলা জয় কৰিবলৈ সক্ষম হয় । তেওঁ লগতে কয় যে, "যোৱা দুবছৰ অতি প্ৰত্যাহ্বানপূৰ্ণ আছিল কিন্তু মই দলটোৰ সৈতে মোৰ সময় সঁচাকৈয়ে উপভোগ কৰিছো ।"
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল আন এজন অসমীয়া খেলুৱৈ