স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : আইচিচি বিশ্বকাপ 2023 ৰ পৰা বাহিৰ হ’ল পাকিস্তান ক্ৰিকেট দল ৷ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে পাকিস্তান ক্ৰিকেট দলে আৰু অন্তিমখন লীগ মেচত ইংলেণ্ডৰ হাতত 93 ৰাণত পৰাস্ত হৈ লীগ পৰ্যায়ৰ পৰা বাহিৰ হ’ল ৷ 2023 চনৰ বিশ্বকাপত দলটোৰ ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শনৰ পিছত পাকিস্তানী কিংবদন্তি ক্ৰিকেট খেলুৱৈ আৰু অনুৰাগীয়ে ইয়াৰ বাবে বাবৰ আজমক দোষাৰোপ কৰি অধিনায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনাইছে ৷ এতিয়া দলটোৰ সহ-অধিনায়ক ছাদাব খানে এই সমগ্ৰ বিষয়টোত প্ৰৱেশ কৰি মানুহক মানসিকতা সলনি কৰিবলৈ কৈছে ৷
ছাদাবে মানুহক নিজৰ মানসিকতা সলনি কৰিবলৈ আহ্বান জনায়-
ইংলেণ্ডৰ হাতত পাকিস্তানৰ শোচনীয় পৰাজয়ৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ছাদাব খানে কয়, ‘‘এইটোৱে সাংস্কৃতিক পাৰ্থক্য দেখুৱাইছে ৷ আমি যেতিয়া জয়ী হওঁ তেতিয়া তাৰ ক্ৰেডিট অধিনায়কক দিয়া হয়, কিন্তু যেতিয়া আমি পৰাজয়ৰ সন্মুখীন হওঁ তেতিয়া তাৰ বাবে অধিনায়কক জগৰীয়া কৰা হয় ৷ এই মানসিকতাৰ পৰিৱৰ্তন হ’ব লাগে ৷
ছাদাবে আৰু কয়, ‘‘মোৰ নিজৰ প্ৰদৰ্শনত মই হতাশ ৷ বলাৰ হিচাপে মই মোৰ সম্ভাৱনা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিলোঁ ৷ আপুনি সদায় প্ৰতিযোগিতাখনত জয়ী হ’বলৈ চেষ্টা কৰে আৰু এইবাৰ সেয়া নহ’ল ৷ আমি ছেমি ফাইনেলৰ দৌৰৰ বাহিৰত আছিলো ৷ এই বিষয়ক লৈ প্ৰশিক্ষক, খেলুৱৈ, সহায়ক কৰ্মচাৰী সকলো হতাশ ৷’’
পাকিস্তান আৰু বাবৰৰ দুৰ্বল প্ৰদৰ্শন-
পাকিস্তানৰ দলে বিশ্বকাপ জয় কৰিব নোৱাৰিলেও মানসিকতা সলনি কৰিবলৈ ৰাইজক আহ্বান জনাইছে ৷ এই ক্ষোভৰ দায়িত্ব লোৱাৰ সলনি দলটোৱে বহু সময়ত অজুহাত দেখুৱাই থকা দেখা গৈছে ৷ এই বিশ্বকাপত পাকিস্তানে 9 খন মেচ খেলিছিল, ইয়াৰে 4 খন মেচত জয়লাভ কৰাৰ বিপৰীতে 5 খন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ 4 খন মেচত জয়লভেৰে 8 পইণ্টেৰে যাত্ৰা সমাপ্ত কৰি ছেমি ফাইনেলৰ দৌৰৰ বাহিৰত আছিল পাকিস্তান ক্ৰিকেট দল ৷
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে আই চি চিৰ এদিনীয়া ৰেংকিঙত পাকিস্তানৰ অধিনায়ক বাবৰ আজম 1 নম্বৰ বেটছমেন আছিল যদিও এই বিশ্বকাপৰ 9 খন মেচত তেওঁ 4 টা অৰ্ধশতকৰে মাত্ৰ 320 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ এই সময়ছোৱাত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে 77 ৰাণ ৷ আশা ধৰণে তেওঁ প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷ এনে পৰিস্থিতিত ছাদাব খানে বাবৰক ৰক্ষা কৰিবলৈ মন্তব্য প্ৰকাশ কৰা দেখা গ’ল ৷
লগতে পঢ়ক : ICC World Cup 2023 : হেৰিছ ৰৌফৰ অভিলেখ; বিশ্বকাপত সৰ্বাধিক ৰাণ দিয়া বলাৰ হিচাবে পৰিগণিত