স্পৰ্টছ ডেস্ক, 5 জুনঃ লণ্ডনৰ অভেলত বিশ্বকাপৰ নৱম সংখ্যক মেচত আজি মুখামুখি হৈছে বাংলাদেশ আৰু নিউজিলেণ্ড৷ দুয়োটা দলৰে বিশ্বকাপৰ এইটো দ্বিতীয়খন মেচ৷ খেলখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নিউজিলেণ্ডে ৷ নিউজিলেণ্ডৰ আমন্ত্ৰণমৰ্মে বেটিং কৰিবলৈ আহি বাংলাদেশ দলটোৱে 49.2 অভাৰত 244 ৰান কৰি অল আউটৰ সন্মুখীন হয় বাংলাদেশ ৷
বাংলাদেশৰ হৈ সৰ্বাধিক 64 ৰান কৰে ছাকিব আল হাচানে ৷ ইপিনে তামিম ইকৱালে 24, শ্যমিয়া সৰকাৰে 25, মুছফিকুৰ ৰহমানে 19, মহম্মদ মিথুনে 26, মহম্মদুলালই 20 আৰু মহম্মদ ছেইফুদ্দিনে 29 ৰানৰ বৰঙণি আগবঢ়ায় ৷ নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে সৰ্বাধিক 9.2 অভাৰত 47 ৰান দি 4 টা উইকেট লাভ কৰে ৷ আনহাতে ট্ৰণ্ট বল্টে 2টা, ল’কি ফাৰ্গুচন, কলিন ডি গ্ৰেণ্ড হোম, মিটচেল ছেন্টনাৰে 1 টা-1 টা কৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷