ETV Bharat / sports

শ্ৰীলংকাৰ হাতত পৰাস্ত আফগানিস্তান - শ্ৰীলংকা

বৰষুণৰ বাবে 41 অভাৰলৈ হ্ৰাস কৰা বিশ্বকাপৰ সপ্তম সংখ্যক মেচত পৰাস্ত আফগানিস্তান ৷ ডাক ৱৰ্থ লুইচৰ নিয়ম অনুসৰি 34 ৰানত জয়ী শ্ৰীলংকা ৷

শ্ৰীলংকাৰ হাতত পৰাস্ত আফগানিস্তান
author img

By

Published : Jun 4, 2019, 11:59 PM IST

স্পৰ্টছ ডেস্ক, 4 জুনঃ কাৰ্ডিফত মঙলবাৰে বিশ্বকাপৰ সপ্তম সংখ্যক মেচত অৱতীৰ্ণ হৈছিল শ্ৰীলংকা আৰু আফগানিস্তান ৷ খেলখনত আফগানিস্তানে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ কৰে শ্ৰীলংকাক ৷

প্ৰথমে বেটিং কৰি শ্ৰীলংকা দলটোৱে প্ৰথম উইকেটৰ বাবে সুন্দৰ 92 ৰানৰ সহযোগিতা আগবঢ়ায় যদিও পিচত বিপৰ্যয়ৰ সন্মুখীন হয় দলটো ৷ 8 উইকেটত 180 ৰান কৰি খেলি থকাৰ সময়তে মেচখনত বিধি পথালি দিয়ে বৰষুণে ৷

etv bharat
শ্ৰীলংকাৰ হাতত পৰাস্ত আফগানিস্তান

পিচত 41 অভাৰলৈ হ্ৰাস কৰা হয় খেলখন ৷ বৰষুণৰ পাচত শ্ৰীলংকা দলটোৱে 36.5 অভাৰত 201 ৰান কৰি অল আউট হয় ৷ দলটোৰ হৈ কুছাল পেৰেৰাই সৰ্বাধিক 78 ৰান কৰে ৷ আফগানিস্তানৰ হৈ মহম্মদ নাবীয়ে 9 অভাৰত 30 ৰান দি 4 টা উইকেট দখল কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত 32.4 অভাৰত 152 ৰানত অল আউটৰ সন্মুখীন হয় আফগানিস্তান ৷ 2019 বিশ্বকাপত আফগানিস্তানৰ এইটো দ্বিতীয়টো পৰাজয় ৷ শ্ৰী লংকাৰ হৈ নুৱান প্ৰদীপে সৰ্বাধিক 4 টা উইকেট দখল কৰাৰ বিপৰীতে লাছিথ মালিংগাই লাভ কৰে 3 টা উইকেট ৷ নুৱান প্ৰদীপক তেওঁৰ সুন্দৰ বলিঙৰ বাবে মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

Intro:Body:

ASAS

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.