স্পৰ্টছ ডেস্ক, 3 জুন: বিশ্বকাপত অহা 5 জুনত দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচৰ পূৰ্বেই ভাৰতীয় দলটোলৈ আহিল সুখবৰ ৷ আঘাতৰ বাবে দক্ষিণ আফ্ৰিকা দলৰ অন্তিম একাদশৰ পৰা বাহিৰ হ’ল দলটোৰ মুখ্য অস্ত্ৰৰ ভিতৰৰ অন্যতম বেগী বলাৰ লুংগী এনগিডী ৷ যাৰ বাবে ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচত অংশ লোৱাৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ৷ খেলুৱৈগৰাকীৰ দলটোৰ পৰা বাহিৰ হোৱাৰ কথা অফিচিয়েলি উল্লেখ কৰে দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৷
বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত হেম্স্ট্ৰিঙৰ সুন্মুখীন হৈছিল খেলুৱৈগৰাকী ৷ বৰ্তমানলৈকে বিশ্বকাপৰ নিজৰ প্ৰাৰম্ভিক দুয়োখন মেচতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে দক্ষিণ আফ্ৰিকা দলটোৱে ৷ পৰাজয়ৰ মাজতেই লুংগী এনগিডীৰ আঘাতৰ সন্মুখীন হৈ দলৰ পৰা বাহিৰ হোৱাটো এতিয়া দলটোৰ বাবে হৈছে ব্যপক ক্ষতি ৷
লগতে চাওকঃ বিশ্বকাপঃ ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তান