নিউজ ডেস্ক,২৯ জুন: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মেচত আম্পায়াৰে নট আউট হোৱাৰ পাছতো আউট ঘোষণা কৰাত ক্ষুদ্ধ হৈ পৰিছে টীম ইণ্ডিয়াৰ অ'পেনাৰ ৰোহিত শৰ্মা। ইয়াৰ পাছতে ভাৰতীয় খেলুৱৈ গৰাকীয়ে টুইটাৰৰ জৰিয়তে তেওঁ নট আউট থকাৰ প্ৰমাণ হিচাপে এখন ফ'টো শ্বেয়াৰ কৰে ।
উল্লেখ্য যে,৩০ বৰ্ষীয় খেলুৱৈ গৰাকীক থাৰ্ড আম্পায়াৰে ষষ্ঠ অ'ভাৰত আউট হোৱা বুলি ভুল ঘোষণা কৰিছিল। আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বলি হোৱা ৰোহিতে ১৮ ৰাণ কৰি পেভিলিয়নলৈ উভটিব লগা হয় আৰু মেচত ভাৰতে ১২৫ ৰাণত জয় লাভ কৰে।