ETV Bharat / sports

উলিয়ামচনৰ শতক,পৰাস্ত দক্ষিণ আফ্ৰিকা - ICC

বাৰ্মিংহামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 4 উইকেটত জয় লাভ নিউজিলেণ্ডৰ ৷ উলিয়ামচনৰ শতকৰ ফলত বিশ্বকাপত চতুৰ্থটো জয় লাভ কিৱি বাহিনীৰ ৷

উলিয়ামচনৰ শতক, পৰাস্ত দক্ষিণ আফ্ৰিকা
author img

By

Published : Jun 20, 2019, 1:07 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ বুধবাৰে বাৰ্মিংহামত অনুষ্ঠিত হোৱা বিশ্বকাপৰ 25 সংখ্যক মেচত জয় লাভ নিউজিলেণ্ডৰ ৷ মুখামুখি হৈছিল বিশ্ব ক্ৰিকেটৰ দুই শক্তিশালী দল দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড ৷ কেন উলিয়ামচনৰ অপৰাজিত শতকৰ বিনিময়ত পৰাজয়ৰ সন্মুখীন হয় দক্ষিণ আফ্ৰিকা দলটো ৷ 2019 বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ এইটো আছিল চতুৰ্থটো পৰাজয় ৷ আনহাতে চতুৰ্থটো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল নিউজিলেণ্ড দলটোৱে ৷

ETV BHARAT
উলিয়ামচনৰ শতক

উল্লেখ্য যে,খেলখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নিউজিলেণ্ডে ৷ নিউজিলেণ্ডৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 241 ৰান ৷ দক্ষিণ আফ্ৰিকাৰ হৈ ৰাছি ভান ডেৰ ডাছছেনে সৰ্বাধিক অপৰাজিত 67 ৰান কৰাৰ বিপৰীতে হাছিম আমলাই 55 ৰানৰ বৰঙণি আগবঢ়াইছিল ৷ নিউজিলেণ্ডৰ হৈ ল’কি ফাৰ্গোচনে সৰ্বাধিক 3 টা উইকেট লাভ কৰিছিল ৷

ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে 48.3 অভাৰত 6 উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ দলটোৰ হৈ সৰ্বাধিক কেন উলিয়ামচনে অপৰাজিত 106 আৰু কলিন ডি গ্ৰেণ্ডহোমে 60 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বৰষুণৰ বাবে আউট ফিল্ড খেলাৰ উপযোগী কৰাৰ উদ্দশ্যে অত্যাধিক সময় অতিবাহিত হোৱাত মেচখন 49 অভাৰলৈ হ্ৰাস কৰা হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.