ETV Bharat / sports

১০০সংখ্যক এদিনীয়া খেলিব ইমৰাণ তাহিৰে - দক্ষিণ আফ্ৰিকা ক্ৰিকেট দল

৪০বছৰীয়া খেলুৱৈগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে কেনিংটন অ'ভেলত খেলাৰ পাছতে এই কৃতিত্বৰ অধিকাৰী হ'ব তাহিৰ । এই সম্পৰ্কত খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ হৈ এই সুযোগ লাভ কৰাৰ বাবে তেওঁ যথেষ্ট সুখী ।

ইমৰাণ তাহিৰ
author img

By

Published : Jun 2, 2019, 4:24 PM IST

নিউজ ডেস্ক, ২ জুন :লেগ স্পীনাৰ ইমৰাণ তাহিৰে দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে ১০০সংখ্যক এদিনীয়া মেচত অংশগ্ৰহণ কৰিব । ৪০বছৰীয়া খেলুৱৈগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে কেনিংটন অ'ভেলত খেলাৰ পাছতে এই কৃতিত্বৰ অধিকাৰী হ'ব তাহিৰ । এই সম্পৰ্কত খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ হৈ এই সুযোগ লাভ কৰাৰ বাবে তেওঁ যথেষ্ট সুখী । ১০০সংখ্যক মেচত অংশগ্ৰহণ কৰিবলৈ পোৱাৰ বাবে দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব'ৰ্ডৰ লগতে দেশবাসীৰ ওচৰত চিৰকৃতজ্ঞ বুলি তেওঁ জনায় ।

ETV BHARAT ASSAM
ইমৰাণ তাহিৰ

লগতে মহান খেলুৱৈ গৰাকীয়ে উল্লেখ কৰে যে, এই কৃতিত্ব তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । সৰুতেই পিতৃ - মাতৃক হেৰুওৱা তাহিৰে এনে সফলতাৰ পাছতে ক্ৰিকেটত ব্যস্ত থকাৰ বাবে নিজ ভাতৃ - ভগ্নীকো দুবছৰে লগ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে । ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচত অংশগ্ৰহণৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ হৈ বিশ্বকাপত অংশগ্ৰহণ কৰা বয়োজ্যেষ্ঠ ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় তেওঁ ।

ইয়াৰোপৰি তেওঁৰ দখলত আছে এদিনীয়া ক্ৰিকেটত এটা ইনিংছত ৭ টা উইকেট দখল কৰাৰো অভিলেখ । দক্ষিণ আফ্ৰিকাৰ হৈ দ্ৰুততম ১০০ টা উইকেট দখল কৰাৰ লগতে বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমটো অ'ভাৰতে স্পীন বলিং কৰাৰো অভিলেখ আছে তেওঁৰ দখলত ।

IMRAN TAHIR TO PLAY 100TH ODI

১০০ তম এদিনীয়াত অংশগ্ৰহণ তাহিৰৰ

নিউজ ডেস্ক, ২ জুন : প্ৰৱীণ লেগ স্পীনাৰ ইমৰাণ তাহিৰে দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে ১০০ তম এদিনীয়া মেচত অংশগ্ৰহণ কৰিব । ৪০ বছৰীয়া খেলুৱৈ গৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে কেনিংটন অ'ভেলত খেলাৰ পাছতে এই কৃতিত্বৰ অধিকাৰী হ'ব । এই সম্পৰ্কত খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে, দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ হৈ এই সুযোগ লাভ কৰাৰ বাবে তেওঁ যথেষ্ট সুখী । ১০০ তম মেচত অংশগ্ৰহণ কৰিবলৈ পোৱাৰ বাবে দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব'ৰ্ডৰ লগতে দেশবাসীৰ ওচৰত চিৰকৃতজ্ঞ বুলি তেওঁ জনায় ।

লগতে মহান খেলুৱৈ গৰাকীয়ে উল্লেখ কৰে যে, এই কৃতিত্ব তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । সৰুতেই পিতৃ - মাতৃক হেৰুওৱা তাহিৰে এনে সফলতাৰ পাছতে ক্ৰিকেটত ব্যস্ত থকাৰ বাবে নিজ ভাতৃ - ভগ্নীকো দুবছৰে লগ কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে । ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচত অংশগ্ৰহণৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ হৈ বিশ্বকাপত অংশগ্ৰহণ কৰা বয়োজ্যেষ্ঠ ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় তেওঁ ।

ইয়াৰোপৰি তেওঁৰ দখলত আছে এদিনীয়া ক্ৰিকেটত এটা ইনিংছত ৭ টা উইকেট দখল কৰাৰো অভিলেখ । দক্ষিণ আফ্ৰিকাৰ হৈ দ্ৰুততম ১০০ টা উইকেট দখল কৰাৰ লগতে বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমটো অ'ভাৰতে স্পীন বলিং কৰাৰো অভিলেখ আছে তেওঁৰ দখলত ।

SOURCE- ANI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.