ETV Bharat / sports

দ্ৰুততম 8000 ৰান সম্পূৰ্ণ কৰা দ্বিতীয় জন খেলুৱৈ হাছিম আমলা

বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচত দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাৰ নতুন অভিলেখ ৷

author img

By

Published : Jun 20, 2019, 5:21 PM IST

দ্ৰুততম 8000 ৰান সম্পূৰ্ণ কৰা দ্বিতীয় জন খেলুৱৈ হাছিম আমলা

স্পৰ্টছ ডেস্ক, 20 জুনঃ বুধবাৰে এক নতুন কৃতিত্বৰ অধিকাৰী হ’ল দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ হাছিম আমলা ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে 55 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছিল আমলাই ৷ এই অৰ্ধশতকীয় ইনিংছেৰে এদিনীয়া ক্ৰিকেটত 8000 ৰান সম্পূৰ্ণ কৰি অভিলেখ ৰচে আমলাই ৷ মেচখনত 24 ৰানৰ প্ৰয়োজন আছিল আমলাক ৷ 24 ৰান সংগ্ৰহ কৰাৰ লগে লগে 8000 ৰান সম্পূৰ্ণ কৰা দক্ষিণ আফ্ৰিকাৰ চতুৰ্থ গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় আমলা ৷

ETV BHARAT

ইয়াৰ বিপৰীতে এদিনীয়া ক্ৰিকেটত দ্ৰুততম 8000 ৰান সম্পূৰ্ণ কৰা দ্বিতীয়জন খেলুৱৈ হিচাপে নাম অংকিত কৰে হাছিম আমলাই ৷ আমলাই 176 টা ইনিংছত 8000 ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে দ্ৰুততম 8000 ৰান কৰাৰ অভিলেখ আছে বিৰাট কোহলিৰ নামত ৷ কোহলিয়ে 175 ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল ৷

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ হৈ জেক কালিছ, এবি ডিভিলিয়াছ আৰু হাৰ্চেল গিব্বছে 8 হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.