ETV Bharat / sports

টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল: আশাত বন্দী উমেশ যাদৱ

author img

By

Published : Apr 3, 2021, 5:53 PM IST

ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে মুখামুখী হ'ব নিউজিলেণ্ডৰ । ভাৰতৰ বলিং অৰ্ডাৰকলৈ বিভিন্ন মহল চৰ্চা অব্যাহত থকাৰ মাজতে উমেশ যাদৱে ১১ জনীয়া দলত স্থান লাভ কৰিব নে নাই তাকলৈও চৰ্চা চলিছে । ইয়াৰ মাজতে ভাৰতীয় পেচাৰ উমেশ যাদৱে কয় যে তেওঁ শৰীৰটোক আৰু দুইৰ পৰা তিনিবছৰলৈ একে অৱস্থাত ৰাখিব পাৰিব । তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দলক জয়ী হোৱাত অৰিহণা যোগাব বিচাৰে ।

টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল: আশাত বন্দী উমেশ যাদৱ
টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল: আশাত বন্দী উমেশ যাদৱ

স্পৰ্টছ ডেস্ক,৩ এপ্ৰিল: অহা জুন মাহত অনুষ্ঠিত হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল । ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া ফাইনেলত ভাৰতে মুখামুখী হ'ব নিউজিলেণ্ডৰ । তাৰ প্ৰাকক্ষণত এতিয়া ভাৰতৰ বলিং অৰ্ডাৰকলৈ বিভিন্ন মহল চৰ্চা অব্যাহত আছে । লৈও চৰ্চা অব্যাহত আছে ।

কিন্তু ইয়াৰ মাজতে ভাৰতীয় পেচাৰ উমেশ যাদৱে কয় যে তেওঁ শৰীৰটোক আৰু দুইৰ পৰা তিনিবছৰলৈ একে অৱস্থাত ৰাখিব পাৰিব । তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দলক জয়ী হোৱাত অৰিহণা যোগাব বিচাৰে । উল্লেখ্য যে উমেশ যাদৱে ভাৰতৰ হৈ ৪৮ খন টেষ্ট খেলিছে যিটো দলত ইশ্বান্ত শৰ্মা, মহম্মদ ছামী আৰু যশপ্ৰীত বুমৰাহো আছে ।

যোৱা ৩ টা বছৰত ভাল প্ৰদৰ্শন কৰিলেও সফল আৰম্ভণি দিব নোৱাৰাৰ বাবে মহম্মদ ছিৰাজে তেওঁৰ স্থান দখল কৰা দেখা গৈছে । যাৰ বাবে টেষ্ট চেম্পিয়নৰ ফাইনেলৰ দলত তেওঁৰ অন্তৰ্ভূক্তিকলৈ আশংকা দেখা পোৱা গৈছে । যাৰ বাবে খেলুৱৈ গৰাকীয়ে উল্লেখ কৰিছে যে যদিও নতুন খেলুৱৈৰ আগমন হৈছে তথাপি তেওঁ দলৰ বাবে সহায় হ'ব পৰাকৈ অহা ২ৰ পৰা ৩ বছৰলৈ কাম কৰিব বিচাৰে । তেওঁ উল্লেখ কৰা মতে টেষ্ট ক্ৰিকেটৰ দলত যদিও ৬ জনকৈ দ্ৰুতবেগী বলাৰ থাকে কিন্তু একেৰাহে ২খন খেলাৰ পিছত ইজনে আনজনক সকাহ দিব পাৰে ।

ইফালে উমেশ যাদৱে বেছিভাগ খেল ভাৰততে খেলিছে । সেয়ে তেওঁ উল্লেখ কৰা মতে বিদেশৰ খেলপথাৰৰ অভিজ্ঞতা তেওঁৰ কম আছে যদিও যিখিনি খেল খেলিছে তাৰ পৰা যথেষ্ট খিনি অভিজ্ঞতা তেওঁ লাভ কৰিছে ।

ক্ৰিকেট কেৰিয়াৰত আঘাতৰ কথা উল্লেখ কৰে খেলুৱৈ গৰাকীয়ে । তেওঁৰ মতে ভগৱানৰ কৃপাত এতিয়ালৈ তেওঁ বেছিকৈ আঘাতপ্ৰাপ্ত হোৱা নাই । বহু বলাৰ আঘাত পোৱাৰ পিছত খেল পথাৰত বলিঙ ক্ষেত্ৰত প্ৰভাৱ পৰা দেখা যায় কিন্তু তেওঁৰ ক্ষেত্ৰত সেইটো হোৱা নাই বুলিও উল্লেখ কৰে উমেশ যাদৱে ।

শেহতীয়াকৈ আঘাত পোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত উমেশ যাদৱে দলত যোগদান কৰিছিল যদিও এখনো খেলাৰ সুযোগ লাভ কৰা নাছিল । সীমিত অভাৰো ভাৰতৰ হৈ বেছি খেলা নাই যদিও উমেশ যাদৱ এতিয়া অপেক্ষাৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপলৈ ।

অৱশ্য়ে এই টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল ভাৰতীয় দলটোৰ ১১ জনীয়া তালিকাত উমেশ যাদৱে স্থান লাভ কৰিব পাৰে নে নোৱাৰে সেয়া এতিয়া সময়েহে ক'ব ।

লগতে পঢ়ক:মিয়ামি অ'পেন ফাইনেলত ইটালীৰ ১৯ বছৰীয়া য়ানিক চিনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.