স্পৰ্টছ ডেস্ক, 20 জুনঃ বিশ্বকাপত আজি সন্মুখ সমৰত নামিব অষ্ট্ৰেলিয়া আৰু বাংলাদেশ ৷ ট্ৰণ্ট ব্ৰিডজৰ নটিংহামত ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাত অনুষ্ঠিত হ’ব 26 সংখ্যক খেলখন ৷ দুয়োটা দলৰ বিশ্বকাপত এইখন হ’ব ষষ্ঠখন মেচ ৷ অষ্ট্ৰেলিয়াই বৰ্তমানলৈকে 5 খন মেচৰ 4 খনত জয় আৰু 1 খনত পৰাজয়ৰে মুঠ 8 পইণ্টৰে তৃতীয় স্থানত থকা বিপৰীতে বাংলাদেশ দলটোৱে 5 খন মেচৰ 2 খনত জয় 2 খনত পৰাজয় আৰু এখন মেচ অমীমাংসিতৰে মুঠ 5 পইণ্ট লাভ কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় লাভেৰে প্ৰৱল আত্মবিশ্বাসী হৈ আছে বাংলাদেশ দলটো ৷ গতিকে অষ্ট্ৰেলিয়া দলটোৰ দৃষ্টিভংগীৰেও আজিৰ মেচখন সহজ নহ’ব কেংগাৰু বাহিনীৰ বাবে ৷ এতিয়া শেষ হাঁহি কোনে মাৰিব সেয়া নিশ্চিত হ’ব মেচৰ অন্তত হে ৷