ETV Bharat / sports

87 ৰানত জয় লাভ অষ্ট্ৰেলিয়াৰ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ 20 সংখ্যক মেচত জয় লাভ কেংগাৰু বাহিনীৰ ৷

87 ৰানত জয় লাভ অষ্ট্ৰেলিয়াৰ
author img

By

Published : Jun 16, 2019, 3:03 AM IST

Updated : Jun 16, 2019, 3:33 AM IST

স্পৰ্টছ ডেস্ক, 15 জুনঃ দ্য অ’ভেলত অনুষ্ঠিত হোৱা বিশ্বকাপৰ 20 সংখ্যক মেচত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ 87 ৰানৰ জয়েৰে পইণ্টছ টেবুলৰ শীৰ্ষত উপনীত হয় অষ্ট্ৰেলিয়া ৷ খেলখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল শ্ৰীলংকাৰ দলটোৱে ৷ প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই এৰণ ফিন্সৰ সুন্দৰ শতকৰ ফলত 7 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 334 ৰানৰ বিশাল স্কৰ ৷ ফিন্সে 153, ষ্টিভ স্মিথে 73 আৰু গ্লেন মেক্সৱেলে 46 ৰানৰ বৰঙণি আগবঢ়াই ৷ শ্ৰীলংকাৰ হৈ ইছৰু ওদানা আৰু ধনাঞ্জায়া ডি ছিল্ভাই দুটাকৈ উইকেট লাভ কৰে ৷

ETV BHARAT
87 ৰানত জয় লাভ অষ্ট্ৰেলিয়াৰ

ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই প্ৰথম উইকেটৰ বাবে সুন্দৰ 115 ৰানৰ সহযোগিতা আগবঢ়ায় যদিও প্ৰথম উইকেটৰ পতনৰ পিচতেই দলটোৰ অভিজ্ঞতাৰ অভাৱ দেখা পোৱা যায় ৷ সম্পূৰ্ণ দলটো 45.5 অভাৰত 247 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ শ্ৰীলংকাৰ হৈ কেৱল অধিনায়ক ডিমুথ কৰুনাৰাত্নেয়ে সৰ্বাধিক 97 ৰান কৰাৰ বিপৰীতে কুছাল পেৰেৰাই কৰে 52 ৰান ৷ অষ্ট্ৰেলিয়াৰ হৈ শতক অৰ্জন কৰা এৰণ ফিন্সক মেন অফ দ্য মেচৰ খিতাপ দিয়া হয় ৷

Intro:Body:

AUSTRALIA BEAT SRI LANKA

Conclusion:
Last Updated : Jun 16, 2019, 3:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.