ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত বাংলাদেশ - নটিংহাম

ৱাৰ্ণাৰৰ শতকৰ বিনিময়ত 48 ৰানত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ অষ্ট্ৰেলিয়াৰ বিশ্বকাপত পঞ্চমটো জয় লাভ কেংগাৰু বাহিনীৰ ৷

অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত বাংলাদেশ
author img

By

Published : Jun 21, 2019, 8:15 AM IST

স্পৰ্টছ ডেস্ক, 21 জুনঃ ট্ৰেণ্ট ব্ৰিডজৰ নটিংহামত জয় লাভ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ ৷ বাংলাদেশক 48 ৰানত পৰাজয়বৰণ কৰি বিশ্বকাপত পঞ্চমখন মেচত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি 5 উইকেটৰ বিনিময়ত 381 ৰানৰ বিশাল স্কৰ গঢ়ে অষ্ট্ৰেলিয়াই ৷ অষ্ট্ৰেলিয়াৰ হৈ ডেভিদ ৱাৰ্ণাৰে 166, অধিনায়ক এৰণ ফিন্সে 53, উছমান খুৱাজাই 89, ষ্টিভ স্মিথে 1, গ্লেন মেক্সৱেলে 10 টা বলত 32 ৰান, মাৰ্কাছ ষ্টইনিছ অপৰাজিত 17 আৰু এলেক্স কেৰীয়ে অপৰাজিত 11 ৰানৰ বৰঙণি আগবঢ়ায় ৷ বাংলাদেশৰ হৈ ছমিয়া সৰকাৰে সৰ্বাধিক 3 টা আৰু মুস্তাফিজুৰ ৰহমানে 1 টা উইকেট লাভ কৰে ৷

ETV BHARAT
ৱাৰ্ণাৰৰ শতক, পৰাস্ত বাংলাদেশ

ইয়াৰ প্ৰত্যুত্তৰ বাংলাদেশে কঠিন প্ৰত্যাহ্বান জনায় যদিও 48 ৰানত পৰাজয়বৰণ কৰিবলগীয়া হয় দলটোৱে ৷ বাংলাদেশৰ হৈ উইকেটকীপাৰ বেটছমেন মুছফিকুৰ ৰহমানে অপৰাজিত 102, তামিম ইকবালে 62, ছাকিব-উল-হাছানে 41 আৰু মহমুদ্দুল্লাহই 69 ৰান কৰিবলৈ সক্ষম হয় ৷ বাংলাদেশে 8 উইকেট হেৰুৱাই 333 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ মিটচেল ষ্ট্ৰাক, নাথান কুল্টৰ নাইল আৰু মাৰ্কাছ ষ্টইনিছে 2 টাকৈ উইকেট লাভ কৰে ৷ আনহাতে এডাম জাম্পাই 1 টা উইকেট দখল কৰে ৷ মেচৰ শেষত ডেভিদ ৱাৰ্ণাৰক ‘মেন অফ দ্য মেচ’ৰ খিতাপ দিয়া হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.