স্পৰ্টছ ডেস্ক, 30 ডিচেম্বৰ : প্ৰাক্তন ভাৰতীয় বেগী বলাৰ এছ শ্ৰীসান্থে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৷ ইতিমধ্যে জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ছৈয়দ মুস্তাক আলি টি-20 টুৰ্ণামেন্টত অংশগ্ৰহণৰ বাবে নিশ্চিত হৈছে শ্ৰীসান্থৰ নাম ৷
কেৰালা দলৰ হৈ টুৰ্ণামেন্টত ভাগ ল’ব শ্ৰীসান্থে ৷ সাতবছৰীয়া নিষেধাজ্ঞাৰ অন্ত পৰাৰ পিচতেই পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিছে প্ৰাক্তন ভাৰতীয় বেগী বলাৰগৰাকীয়ে ৷
আইপিএলৰ স্পট ফিক্সিঙত জড়িত হোৱাৰ বাবে বিচিচিআইয়ে 7 বছৰৰ বাবে শ্ৰীসান্থক ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰিছিল ৷ চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বলাৰগৰাকীৰ নিষেধাজ্ঞাৰ অন্ত পৰিছিল ৷ আগন্তুক 10 জানুৱাৰীৰ পৰা মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই ছৈয়দ মুস্তাক আলি টি-20 টুৰ্ণামেন্টৰ বাবে কেৰালা দলে ঘোষণা কৰিছে শ্ৰীসান্থৰ নাম ৷ ইয়াৰ পূৰ্বে আলাপুঝাত হোৱা ঘৰুৱা টি-20 খেলতো অংশগ্ৰহণ কৰিছিল বেগী বলাৰগৰাকীয়ে ৷
-
“There is nothing stronger than a broken man ,who has rebuilt himself..” Thnks a lot for all the Supoort nd love ..#Gods grace #humbled #cricket #keralacricketassociation #bcci #grateful #respect #love #bestisyettocome pic.twitter.com/U0xyEg9XHu
— Sreesanth (@sreesanth36) December 30, 2020 " class="align-text-top noRightClick twitterSection" data="
">“There is nothing stronger than a broken man ,who has rebuilt himself..” Thnks a lot for all the Supoort nd love ..#Gods grace #humbled #cricket #keralacricketassociation #bcci #grateful #respect #love #bestisyettocome pic.twitter.com/U0xyEg9XHu
— Sreesanth (@sreesanth36) December 30, 2020“There is nothing stronger than a broken man ,who has rebuilt himself..” Thnks a lot for all the Supoort nd love ..#Gods grace #humbled #cricket #keralacricketassociation #bcci #grateful #respect #love #bestisyettocome pic.twitter.com/U0xyEg9XHu
— Sreesanth (@sreesanth36) December 30, 2020
কেৰালা ক্ৰিকেট এশ্ব’চিয়েশ্বনে টুৰ্ণামেন্টৰ বাবে সঞ্জু চেমচনক অধিনায়ক আৰু শচীন বেবিক উপ-অধিনায়ক হিচাপে ৰাখিছে ৷ শ্ৰীসান্থৰ উপৰিও দলটোত আছে, বাছিল থাম্পি, জালাজ চাক্সেনা, ৰোবিন উথাপ্পা, বিষ্ণু বিনোদ, চলমান নিজাৰ, নিধেশ এম ডি আৰু আছিফ কে এম, অক্ষয় চন্দ্ৰন, অভিষেক মোহন এছ এল, ভিনুপ এছ মনোহৰণ, মহম্মদ আজাহাৰুদ্দিন এম, ৰোহন এছ কুন্নুম্মাল, মিধুন এছ, ৱাস্থল গোবিন্দ শৰ্মা, শ্ৰীৰুপ এম পি, মিধুন পিকে আৰু ৰোজিথ কে জি ৷
লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ কিংবদন্তীয়ে ৰাহানেৰ নেতৃত্বক প্ৰশংসা কৰাত আনন্দিত হৈছো : গাভাস্কাৰ