ETV Bharat / sports

ইনষ্টাগ্ৰামত কোন ভাৰতীয় ক্ৰিকেটাৰ আটাইতকৈ ধনী !

ইনষ্টাগ্ৰামৰ আটাইতকৈ ধনী খেলুৱৈৰ তালিকাত আছে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি ৷

ইনষ্টাগ্ৰামত কোন ভাৰতীয় ক্ৰিকেটাৰ আটাইতকৈ ধনী !
author img

By

Published : Jul 25, 2019, 10:40 PM IST

স্পৰ্টছ ডেস্ক, 25 জুলাইঃ ইনষ্টাগ্ৰামত আটাইতকৈ ধনী খেলুৱৈৰ তালিকাত নাম সন্নিৱিষ্ট আছে ভাৰতীয় ক্ৰিকেটৰ বিৰাট কোহলিৰ ৷ ইনষ্টাগ্ৰামত আটাইতকৈ ধনী খেলুৱৈৰ শীৰ্ষ দহ গৰাকী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় খেলুৱৈ হৈছে বিৰাট কোহলি ৷

কোহলিৰ ইনষ্টাগ্ৰামত 36 মিলিয়ন ফলৱাৰ্ছ থকাৰ লগতে এটা প্ৰচাৰিত প’ষ্টৰ বাবদ কোহলিয়ে লাভ কৰে 1.35 কোটি টকা ৷ ক্ৰিকেটাৰৰ ভিতৰত ইনষ্টাগ্ৰামত লাভ কৰা এইটো হৈছে আটাইতকৈ সৰ্বোচ্চ ৰাশি ৷

ইপিনে খেলুৱৈ হিচাপে ধাৰাবাহিক ভাৱে দ্বিতীয় বৰ্ষৰ বাবে শীৰ্ষ স্থানত আছে পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ৷ ইনষ্টাগ্ৰামত ৰ’নাল্ডোৰ 176 মিলিয়ন ফলৱাৰ্ছ থকাৰ বিপৰীতে এটা ইনষ্টাগ্ৰাম প’ষ্টৰ বাবদ ৰ’নাল্ডোই লাভ কৰে 6.74 কোটি টকা ৷

ETV BHARAT
ইনষ্টাগ্ৰামত আটাইতকৈ ধনী খেলুৱৈ ৰ‘নাল্ডো

ৰ’নাল্ডোৰ পাচতেই দ্বিতীয় স্থানত আছে ব্ৰাজিলৰ ফুটবলাৰ নেমাৰ আৰু তৃতীয় স্থানত আছে আৰ্জেণ্টিনাৰ লিয়নেল মেছি ৷ নেমাৰে 5 কোটি টকা লাভ কৰাৰ বিপৰীতে মেছিয়ে লাভ কৰে 4.5 কোটি টকা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.