ETV Bharat / sports

শচীনৰ অভিলেখ চেৰ পেলাই যোৱা সক্ষমতা আছে বিৰাটৰ : ব্ৰেট লী - অষ্ট্ৰেলিয়াৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ব্ৰেট লী

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ব্ৰেট লীৰ মতে বিৰাট কোহলিৰ তাত এনে তিনিটা গুণ আছে যিয়ে ক্ৰিকেটৰ ভগৱান খ্যাত শচীনৰ সকলো অভিলেখ ভংগ কৰাৰ সক্ষমতা দিয়ে কোহলিক ।

Virat Kohli has got talent, fitness and mental strength to surpass Sachin Tendulkar: Brett Lee
Virat Kohli has got talent, fitness and mental strength to surpass Sachin Tendulkar: Brett LeeVirat Kohli has got talent, fitness and mental strength to surpass Sachin Tendulkar: Brett Lee
author img

By

Published : Apr 25, 2020, 3:27 PM IST

স্পৰ্টছ ডেস্ক, ২৫ এপ্ৰিলঃ শেহতীয়াকৈ এক অনুষ্ঠানত শচীন আৰু বিৰাট কোহলিক লৈ এক মন্তব্য আগবঢ়াইছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ব্ৰেট লীয়ে । ব্ৰেট লীৰ মতে,বিশ্ব ক্ৰিকেটৰ মহানতম খেলুৱৈ শচীন তেণ্ডুলকাৰৰ সকলো অভিলেখ ভংগ কৰা সহজ নহয় যদিও বিৰাট কোহলিৰ তাত এনে তিনিটা গুণ আছে যিয়ে শচীনৰ সকলো অভিলেখ ভংগ কৰাৰ সক্ষমতা প্ৰদান কৰে বিৰাট কোহলিক।

ব্ৰেট লী
ব্ৰেট লী

ব্ৰেট লীয়ে এখন ক্ৰিকেট কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰি কয়,আমি ইয়াত মহত্বপূৰ্ণ অভিলেখৰ কথা উল্লেখ কৰি আছো । বিগত ৭-৮ বছৰ ধৰি বিৰাট কোহলিয়ে যেনেকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে বা আগন্তুক সময়ত খেলি যাব নিশ্চিত ভাৱে শচীনৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ব । লগতে কয়, এইয়া কেনেকৈ সম্ভৱ,শচীন তেণ্ডুলকাৰতকৈ আগুৱাই যোৱাটো । কাৰণ তেওঁ ক্ৰিকেটৰ ভগৱান । ভগৱানত কৈ কোনোবা শ্ৰেষ্ঠ হ'ব পাৰে নেকি,আমি অপেক্ষা কৰিম আৰু চাম ।

শচিন তেণ্ডুলকাৰে মুঠ ২০০ খন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল। টেষ্ট আৰু এদিনীয়াত মুঠ ১০০ টা শতক আছে শচীনৰ নামত । আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত ১৮,৪২৬ ৰান,৪৯ টা শতক আৰু টেষ্টত ১৫,৯২১ ৰান,৫১ টা শতক অৰ্জন কৰিছিল শচীনে ।

আনহাতে কোহলিয়ে বৰ্তমানলৈকে ৪৪ খন টেষ্টত অৱতীৰ্ণ হৈ ২৭ টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । কোহলিৰ নামত দুয়োটা ফৰ্মেটত বৰ্তমান ৭১ টা শতক আছে । শচীনৰ ১০০ টা শতকৰ সম-পৰ্যায় লাভ কৰিবলৈ কেৱল ২৯ টা শতক দূৰত বিৰাট । ব্ৰেট লীৰ মতে,বিৰাটৰ মাজত এনে তিনিটা গুণ বা কাৰক আছে যাৰ বাবে শচীনৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ব ।

প্ৰথমটো হৈছে,প্ৰতিভা । কোহিলৰ তাত অফুৰন্ত প্ৰতিভা সন্নিৱিষ্ট হৈ আছে । দ্বিতীয়তে,ফিটনেছ । কোহলি শাৰীৰিক ভাৱে যথেষ্ট সুস্থ । তৃতীয়টো হৈছে মানসিক শক্তি বা স্থিৰতা । কোহলি ৩০ বছৰ বয়সতো মানসিক ভাৱেও সম্পূৰ্ণ স্থিৰ । যেতিয়া সন্তান,ঘৰ,পত্নীৰ চিন্তা বাঢ়িব মানসিকভাৱে স্থিৰ হৈ থকাটো জৰুৰী । যাৰ বাবে এই কেইটা দিশ যদি কোহলিয়ে ভালদৰে চলাই নিয়ে তেন্তে নিশ্চিত ভাৱে শচীনতকৈ আগুৱাই যাবলৈ সক্ষম হ'ব বুলি কয় ব্ৰেট লীয়ে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.