ETV Bharat / sports

শৃংখলাত হুৱাইট ৱাছৰ পাচত সংবাদমেলত কিয় বিৰাটৰ খং ! - Virat Kohli angry

নিউজিলেণ্ডৰ হাতত এদিনীয়া শৃংখলাৰ পাচত টেষ্ট শৃংখলাটো হুৱাইট ৱাছৰ সন্মুখীন ভাৰতীয় ক্ৰিকেট দল ৷ মেচৰ অন্তত সংবাদমেল সম্বোধন কৰি খংত অগ্নিশৰ্মা হৈ পৰিল বিৰাট কোহলি ৷ কিয় খং উঠিল বিৰাটৰ ৷

Virat Kohli angry in press meet,শৃংখলাত হুৱাইট ৱাছৰ পাচত সংবাদমেলত কিয় বিৰাটৰ খং !,Virat Kohli angry in press meet,
শৃংখলাত হুৱাইট ৱাছৰ পাচত সংবাদমেলত কিয় বিৰাটৰ খং !
author img

By

Published : Mar 2, 2020, 8:33 PM IST

স্পৰ্টছ ডেস্ক, 2 মাৰ্চঃ নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট পৰাস্ত হোৱাৰ লগে-লগে 2-0 ব্যৱধানত হুৱাইট ৱাছৰ সন্মুখীন হয় ভাৰতীয় ক্ৰিকেট দল ৷ অন্তিমখন টেষ্টত পৰাস্ত হোৱাৰ পাচতেই খ্ৰীষ্টচাৰ্চত সংবাদমেল সম্বোধন কৰিবলৈ আহে ভাৰতৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক বিৰাট কোহলি ৷ কিন্তু সংবাদমেল সম্বোধন কৰি থকাৰ মাজতেই এজন সাংবাদিকৰ প্ৰশ্নত ক্ষোভিত হৈ পৰে ভাৰতীয় অধিনায়কগৰাকী ৷

সংবাদমেলত সাংবাদিকৰ সৈতে মত্যনৈক্য বিৰাটৰ

আচলতে দ্বিতীয়খন টেষ্টত কেন উলিয়ামচনৰ উইকেট দখলৰ পাচতেই আক্ৰমণত্মাক ভংগীমাৰে আনন্দ প্ৰকাশৰ লগতে ষ্টেডিয়ামত বহি থকা দৰ্শকলৈ চাই মনে মনে থকাৰ ইংগিত দিছিল কোহলিয়ে ৷ যিটো পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল ৷ এই সন্দৰ্ভতেই সাংবাদিকগৰাকীয়ে প্ৰশ্ন কৰাত সৰৱ হৈ পৰা দেখা যায় কোহলিক ৷

সংবাদমেলত বিৰাটৰ খং

সাংবাদিকগৰাকীৰ প্ৰশ্ন : আপোনাৰ কি মনোভাৱ, খেলপথাৰত নিজৰ আচৰণকলৈ, প্ৰথমে আপুনি কেন উইলিয়ামচনক আউট কৰি আক্ৰমণাত্মক ভংগীমা দেখুৱাৰ লগতে দৰ্শককো চুপ থাকিবলৈ ইংগিত দিছিল ?

কোহলি : আপুনি কি ভাৱে ?

সাংবাদিক : মই আপোনাক প্ৰশ্ন কৰিছো ?

কোহলি : মই আপোনাৰ পৰা উত্তৰ বিচাৰিছো..

সাংবাদিক : আপুনি খেল পথাৰত নিজৰ আচৰণেৰে উদাহৰণ দাঙি ধৰক..

কোহলি : কি হৈছিল সেই বিষয়ে আপুনি তথ্য যুগুত কৰি তাৰ পাচত প্ৰশ্ন কৰাৰ প্ৰয়োজন, আধৰুৱা তথ্য লৈ প্ৰশ্ন কৰিব নালাগে ৷ মই মেচ ৰেফাৰীৰ সৈতে এই সন্দৰ্ভত কথা পাতিছো,কোনো সমস্যা নাই ৷ যদিহে এই বিষয়টোক লৈ বিতৰ্ক কৰাৰ ইচ্ছা তেন্তে এইটো সঠিক স্থান নহয় ৷ ধন্যবাদ ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিৰাট কোহলি বহু সাংবাদিকৰ সৈতে মতানৈক্যত লিপ্ত হৈছে ৷ 2018 বৰ্ষতো ইংলেণ্ড শৃংখলাত পৰাজয়ৰ পাচত সাংবাদিকৰ সৈতে বিৰ্তকত লিপ্ত হৈছিল বিৰাট কোহলি ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.