স্পৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰঃ 2 অক্টোবৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্টত কোনে লাভ কৰিব স্থান তাক লৈ চলিছে জল্পনা-কল্পনা ৷ সংবাদ মাধ্যমৰ তথ্য অনুসৰি প্ৰথমখন মেচত পন্তৰ স্থানত ঋদ্ধিমান শ্বাহাক স্থান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷ অৱশ্যে বিচিচিআইৰ মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদে ঋষভ পন্তক ভাৰতীয় দলৰ উইকেটকীপাৰ বেটছমেন হিচাপে প্ৰথম পছন্দ বুলি উল্লেখ কৰিছে ৷ সেয়েহে প্ৰথমখন টেষ্টত অন্তিমবাৰৰ বাবে পন্তক এটা সুযোগ দিয়াৰ সম্ভাৱনা আছে ৷ কিন্তু জানিব পৰা মতে, বিৰাট কোহলি আৰু ৰবি শাস্ত্ৰীয়ে ঋদ্ধিমান শ্বাহাক স্থান দিয়াৰ পোষকতা কৰিছে ৷
উল্লেখ্য যে, সৌৰভ গাংগুলী, গৌতম গম্ভীৰ, যুৱৰাজ সিঙৰ দৰে খেলুৱৈৰ সমৰ্থনৰ পাচতো নিজৰ অপৰিপক্ক শ্বটেৰে উইকেট হেৰুৱাৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে ঋষভ পন্ত ৷
লগতে পঢ়ক : ধিক্! ত্ৰিপুৰাত গণধৰ্ষণ , ক'ত মহিলাৰ নিৰাপত্তা ?