ETV Bharat / sports

টেষ্ট ক্ৰিকেট প্ৰিয় ৱাৰ্ণাৰৰ, শ্বেয়াৰ কৰিলে ভিডিঅ'

টেষ্ট ক্ৰিকেটক লৈ নিজৰ মনৰ অনুভৱ ব্য়ক্ত কৰিলে অষ্ট্ৰেলিয়াৰ বিস্ফোৰক খেলুৱৈ ডেভিদ ৱাৰ্ণাৰে । এক ভিডিঅ' শ্বেয়াৰ কৰি টেষ্ট ক্ৰিকেট খেলি আটাইতকৈ ভাল পোৱাৰ ইংগিত দিলে খেলুৱৈগৰাকীয়ে ।

author img

By

Published : May 28, 2020, 4:04 PM IST

Test Cricket is Warner favourite form of the game

স্পৰ্টছ ডেস্ক, 28 মে': বিশ্ব ক্ৰিকেটত সীমিত অভাৰৰ আটাইতকৈ বিস্ফোৰক বেটছমেনৰ ভিতৰত অন্য়তম এগৰাকী খেলুৱৈ হৈছে অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰ । কিন্তু শেহতীয়াকৈ টুইটাৰত খেলুৱৈগৰাকীয়ে নিজৰ ভাল পোৱা ক্ৰিকেটৰ ফৰ্মেটক লৈ এটি ভিডিঅ' শ্বেয়াৰ কৰে ।

বুধবাৰে শ্বেয়াৰ কৰা ভিডিঅ'টোৰ কেপ্টচনত খেলুৱৈগৰাকীয়ে লগতে উল্লেখ কৰে মোৰ ক্ৰিকেটৰ আটাইতকৈ ভাল লগা ফৰ্মেট । আপুনি কি ভাৱে ।

ভিডিঅ'টোত দাপোনৰ সন্মুখত থিয় হৈ তিনিওটা ফৰ্মেটৰ পৰা এটা বাচনি কৰা দেখা যায় খেলুৱৈগৰাকীক । য'ত তেওঁ টেষ্ট ক্ৰিকেটক সৰ্বাধিক ভাল পোৱাৰ ইংগিত প্ৰদান কৰে ।

COVID-১৯ ৰ ফলত ক্ৰিকেটৰ সকলো কাৰ্যকলাপ স্তব্ধ হৈ পৰাত টিক্ টকত যথেষ্ট ব্যস্ত দেখা পোৱা গৈছিল অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীক । ৱাৰ্ণাৰে বৰ্তমানলৈকে ৮৪ খন টেষ্ট মেচত ৭,২৪৪ ৰান কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.