ETV Bharat / sports

অক্টোবৰত T20 বিশ্বকাপ হোৱাটো অবাস্তৱিকঃ বিচিচিআই বিষায়া

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে অনুভৱ কৰে যে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰকোপ আৰু প্ৰভাৱে অক্টোবৰ-নবেম্বৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰিছে ।

অক্টোবৰত  T20 বিশ্বকাপ হোৱাটো অবাস্তৱিকঃ বিচিচিআই বিষায়া
অক্টোবৰত T20 বিশ্বকাপ হোৱাটো অবাস্তৱিকঃ বিচিচিআই বিষায়া
author img

By

Published : Apr 28, 2020, 9:03 AM IST

নিউজ ডেস্ক, 28 এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)য়ে বৃহস্পতিবাৰে মুখ্য কাৰ্যবাহী সমিতিৰ বৈঠক আয়োজন কৰিছিল, কিন্তু চলিত বৰ্ষতেই অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপ সম্পৰ্কে প্ৰদান কৰা নাই কোনো স্পষ্ট মত ।

ইপিনে অক্টোবৰ-নবেম্বৰত অনুষ্ঠিত হ'ব লগীয়া এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাটো কৰ'ণা ভাইৰাছৰ প্ৰকোপ আৰু প্ৰভাৱে অবাস্তৱিক কৰি তুলিছে বুলি অনুভৱ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCI-য়ে ।

এক সংবাদ এজেন্সীৰ আগত BCCIৰ বিষয়া এগৰাকীয়ে জনোৱা অনুসৰি কৰ'ণা ভাইৰাছৰ লগত বিভিন্ন আনুসংগিক কাৰকে আয়োজনত প্ৰভাৱ পেলাব । তাৰে ভিতৰত অন্যতম হ'ল বিভিন্ন দেশে জাৰি কৰা ভ্ৰমণ বাতিলৰ নিৰ্দেশনা সমূহ । লগতে পৰিস্থিতি পূৰ্বৰ দৰে স্বাভাৱিক নহোৱালৈ ভ্ৰমণ কৰাটো উচিত নহয় । সেয়ে বিশ্বকাপ অনুষ্ঠিত হোৱাটো প্ৰায়োগিক ক্ষেত্ৰত অবাস্তৱিক হৈ পৰিছে বুলি বিষয়া জনে কয় ।

এনে বৃহৎ আয়োজনৰ বাবে যদি ক্ষতি হয় তাৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু ICC য়ে দায়িত্ব লবলৈ সাজু হ'বনে নাই এই বিষেয়ও প্ৰশ্ন উত্থাপন হ'ব বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰে ।

লগতে বিষয়া জনে অষ্ট্ৰেলিয়াৰ চৰকাৰে অনুমতি দিবনে নাই আৰু অনুমতি প্ৰদানৰ পাচতো বাকী দেশৰ খেলুৱৈক ভ্ৰমণৰ বাবে সেই দেশৰ চৰকাৰে অনুমতি দিবনে নাই তাকে লৈ প্ৰশ্ন কৰে । আনহাতে দৰ্শক বা ক্ৰিকেট অনুৰাগীৰ স্বাস্থ্যও গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁলোকৰ বাবে ষ্টেডিয়ামত সামাজিক দূৰত্ব বৰ্তাই ৰখাটো সম্ভৱনে বুলি প্ৰশ্ন কৰে তেওঁ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.