নিউজ ডেস্ক, ২৪ ফেব্ৰ্ুৱাৰী: হাইদৰাবাদৰ বিৰুদ্ধে চৈয়দ মোস্তাক আলী টি-২০ ট্ৰফীত বিধংসী ৰূপত দেখা গ'ল ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ খেলুৱৈ সুৰেশ ৰাইনাক । ৰাইনাৰ ৫৪ ৰাণৰ ইনিংছটোৰ জৰিয়তে উত্তৰ প্ৰদেশে হাইদৰাবাদক ৬উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয় ।
হাইদৰাবাদৰ দলটোৱে ২০ অভাৰত ১৩৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰাইনাৰ অৰ্ধশতকৰ জৰিয়তে উত্তৰ প্ৰদেশে ১৮.৩ অভাৰত এই ৰাণ অতিক্ৰম কৰে ।