স্পৰ্টছ ডেস্ক, ১৯ মে': লক্ ডাউনৰ চতুৰ্থ পৰ্যায়ৰ নিয়াৱলী প্ৰকাশ পোৱাৰ পাচতেই সোমবাৰে ভাৰতীয় ক্ৰীড়া মন্ত্ৰণালয়ে সকলো ক্ৰীড়া কমপ্লেক্স আৰু ষ্টেডিয়াম সমূহত খেলুৱৈৰ অনুশীলনৰ বাবে অনুমতি প্ৰদান কৰিছে । ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদৰী কৰে এই কথা । ব্যক্তিগত খেলুৱৈৰ বাবেও অনুশীলনৰ অনুমতি প্ৰদান কৰা হৈছে গৃহমন্ত্ৰণালয়ৰ নিৰ্দেশাৱলী অনুসৰি ।
ক্ৰীড়ামন্ত্ৰী গৰাকীয়ে টুইটাৰত উল্লেখ কৰি কয় যে, মই খেলুৱৈ তথা ক্ৰীড়াৰ সৈতে জড়িত সকলো লোকক জনাই সুখী অনুভৱ কৰিছো যে, সকলো স্পৰ্টছ কমপ্লেক্স আৰু ষ্টেডিয়ামত গৃহমন্ত্ৰণালয়ৰ নিৰ্দেশাৱলী আৰু ৰাজ্য চৰকাৰৰ নিয়ম অনুসৰি সকলো ক্ৰীড়া কাৰ্য-কলাপৰ অনুমতি প্ৰদান কৰা হৈছে ।
-
I'm happy to inform sportspersons and all concerned that sports activities will be conducted in sports complexes and stadia strictly in accordance with MHA guidelines and that of the States in which they are situated. However, use of gyms & swimming pools are still prohibited. pic.twitter.com/zDHECy09iF
— Kiren Rijiju (@KirenRijiju) May 18, 2020 " class="align-text-top noRightClick twitterSection" data="
">I'm happy to inform sportspersons and all concerned that sports activities will be conducted in sports complexes and stadia strictly in accordance with MHA guidelines and that of the States in which they are situated. However, use of gyms & swimming pools are still prohibited. pic.twitter.com/zDHECy09iF
— Kiren Rijiju (@KirenRijiju) May 18, 2020I'm happy to inform sportspersons and all concerned that sports activities will be conducted in sports complexes and stadia strictly in accordance with MHA guidelines and that of the States in which they are situated. However, use of gyms & swimming pools are still prohibited. pic.twitter.com/zDHECy09iF
— Kiren Rijiju (@KirenRijiju) May 18, 2020
অৱশ্য়ে জীম আৰু চুইমিং পুলৰ ক্ষেত্ৰত এতিয়াও নিষেধাজ্ঞা বাহাল ৰখা হৈছে । এতিয়া দেশত ক্ৰীড়াৰ সকলো কাৰ্য-কলাপ, সুবিধা, একাডেমি সমূহ আৰম্ভ কৰা হ'ব । আনকি ব্যক্তিগত ভাৱে পৰিচালনা হোৱা যেনেকৈ TransStadia and JSW গ্ৰু'প সমূহকো আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে । গৃহমন্ত্ৰণালয়ৰ নীতি-নিৰ্দেশক সমূহ অনুসৰণ কৰি কাৰ্য-কলাপ সমূহ ৰূপায়ণৰ আহ্বান জনোৱা হৈছে ।
বৰ্তমানলৈকে কোনো নিৰ্দিষ্ট সময়-নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই যদিও বৰ্তমানে অনুশীলন আৰম্ভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে । অৱশ্যে অনুশীলন আৰম্ভ কৰাৰ পূৰ্বে সকলো খেলুৱৈৰে স্বাস্থ্য পৰীক্ষা কৰা হ'ব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, চৰকাৰৰ পৰা এই অনুমতি লাভ কৰাৰ পাচতেই সকলো ক্ৰীড়া প্ৰেমীৰ দৃষ্টি নিৱদ্ধ থাকিব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ নতুন নিৰ্দেশকলৈ । কাৰণ কৰ'ণা ভাইৰাছৰ বাবেই পূৰ্বতে অনিৰ্দিষ্ট কাললৈ স্থগিত কৰি ৰখা হৈছিল আইপিএল ২০২০ ৰ সংস্কৰণ । অৱশ্য়ে এতিয়াও ষ্টেডিয়াম ইত্যাদিত দৰ্শকৰ সমাগমৰ অনুমতি প্ৰদান কৰা হোৱা নাই । সেয়েহে বন্ধ ষ্টেডিয়ামত আগন্তুক সময়ত বিচিচিআইয়ে আইপিএল অনুষ্ঠিত কৰিব নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।