ETV Bharat / sports

এদিনীয়া শৃংখলা বাতিলৰ পাচতেই 17 মাৰ্চত স্বদেশলৈ যাব দক্ষিণ আফ্ৰিকা

author img

By

Published : Mar 16, 2020, 7:56 AM IST

কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলা ৷ মঙলবাৰে নিজ দেশলৈ উভতিব প্ৰটিয়াছ বাহিনী ৷

South Africa team return back home from Kolkata
এদিনীয়া শৃংখলা বাতিলৰ পাচতেই 17 মাৰ্চত স্বদেশলৈ যাব দক্ষিণ আফ্ৰিকা

স্পৰ্টছ ডেস্ক, 16 মাৰ্চ: এতিয়া সমগ্ৰ বিশ্বতে বিধ্বংসী ৰূপ ধাৰণ কৰিছে Covid-19 তথা কৰ’ণা ভাইৰাছে ৷ ভাৰততো দিনক-দিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বাতিল কৰা হ’ল বহু কেইটা ক্ৰীড়া অনুষ্ঠান ৷ ইয়াৰ ভিতৰতে আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া শৃংখলা ৷ প্ৰথমখন মেচ বৰষুণৰ বাতিলৰ হোৱাৰ পাচতেই বাকী অন্য দুখন মেচ কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবেই বাতিল কৰা হয় ৷

South Africa team return back home from Kolkata
এদিনীয়া শৃংখলা বাতিল

এতিয়া বংগাল ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ অভিষেক ডালমিয়াই কয়,সোমবাৰে কলকাতাত উপস্থিত হ’ব দক্ষিণ আফ্ৰিকা দলটো ৷ ইয়াৰ পাচতেই মঙলবাৰে কলকাতাৰ পৰাই পোনে-পোনে উৰা মাৰিব দক্ষিণ আফ্ৰিকালৈ বিদেশী দলটোৱে ৷ 15 মাৰ্চত লক্ষ্ণৌত আৰু 18 মাৰ্চত কলকাতাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় এদিনীয়া মেচ অৱতীৰ্ণ হোৱাৰ কথা আছিল দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.