ETV Bharat / sports

অধ্যক্ষ পদৰ পাচত ইটিভি ভাৰতক কি ক’লে সৌৰভ গাংগুলীয়ে ? - অধ্যক্ষ পদৰ পাচত ইটিভি ভাৰতৰ সৈতে গাংগুলীৰ বাৰ্তালাপ

বিচিচিআইৰ অধ্যক্ষ পদত নিয়োজিত হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে স্ব-গৃহত উপস্থিত হ’ল ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ৷ ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত ক’লে ধোনী,মমতা বেনাৰ্জীক লৈ কিছু কথা ৷

অধ্যক্ষ পদৰ পাচত ইটিভি ভাৰতক কি ক’লে সৌৰভ গাংগুলীয়ে ?
author img

By

Published : Oct 17, 2019, 7:07 PM IST

Updated : Oct 17, 2019, 7:43 PM IST

স্পৰ্টছ ডেস্ক, 17 অক্টোবৰঃ দেওবাৰে বিচিচিআইৰ অধ্যক্ষ পদত নিয়োজিত কৰা হ’ল ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক ৷ অৱশ্যে অহা 23 অক্টোবৰত হে এই বিষয়ে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা হ’ব ৷ পদত অধিষ্ঠিত হোৱাৰ পাচতেই গৃহ চহৰ কলকাতাত উপস্থিত হয় গাংগুলী ৷ কলকাতাত উপস্থিত হোৱাৰ পিচতে উষ্ম আদৰণী জনোৱা হয় বেংগল টাইগাৰ তথা দাদা নামে পৰিচিত সৌৰভ গাংগুলীক ৷ ইপিনে কলকাতাত উপস্থিত হৈয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে বাৰ্তালাপত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে বিচিচিআইৰ নৱ-নিয়ুক্ত অধ্যক্ষগৰাকীয়ে ৷

ধোনীক লৈ গাংগুলীৰ মন্তব্য
ধোনীক লৈ গাংগুলীৰ মন্তব্য

গাংগুলীক যেতিয়া প্ৰশ্ন কৰা হয় যে তেওঁ যিহেতু ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা সৌৰভ গাংগুলী সেয়েহে তেওঁক লৈ অধিক আশা কৰা হৈছে নেকি ? গাংগুলীয়ে তেতিয়া কয়, আশা কৰা মতে কাম কৰিবলৈ যথোপযুক্ত চেষ্টা চলাম ৷ যিমান পাৰে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম ৷ লগতে সময়ৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে গাংগুলীয়ে ৷

ইটিভি ভাৰতৰ সৈতে সৌৰভ গাংগুলীৰ বাৰ্তালাপ

আনহাতে মমতা বেনাৰ্জী নিজৰ ডাঙৰ ভগ্নী দৰে বুলি উল্লেখ কৰি দিদি ভাল ব্যক্তিতৰ অধিকাৰী বুলি মন্তব্য কৰে গাংগুলীয়ে ৷ লগতে ধোনী সন্দৰ্ভত গাংগুলীয়ে কয়,ধোনীক লৈ দল নিৰ্বাচক মণ্ডলীয়ে কি কৰে সেই সন্দৰ্ভত এতিয়াই মন্তব্য দিয়াটো হঠকাৰী হ’ব, তাতে মই এতিয়াও আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰা নাই ৷

আনকি ৰাজনীতি সন্দৰ্ভতো গাংগুলীয়ে ক’লে ৰাজনীতি আমাৰ দেশৰ অবিচ্ছেদ্য অংশ ৷ বৰ্তমান সময়ত ৰাজনীতি সকলোতে আছে বুলি কয় সৌৰভ গাংগুলীয়ে ৷

ETV SPORTS
Last Updated : Oct 17, 2019, 7:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.