স্পৰ্টছ ডেস্ক, 29 অক্টোবৰ : ছয় মাহৰ বাবে নিলম্বিত হ'ব পাৰে বাংলাদেশৰ অল ৰাউণ্ডাৰ ছাকিব অল হাছান ৷ মেচ ফিক্সিঙৰ অ'ফাৰৰ কথা আইচিচিক নজনোৱাৰ বাবে ক্ৰিকেটাৰগৰাকী নিলম্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ 'ছামাকাল' নামৰ বাংলাদেশৰ এখন বাতৰিকাকতে প্ৰকাশ কৰা তথ্য অনুসৰি,দুবছৰ পূৰ্বেই এজন ব্লেক লিষ্টেড বুকীয়ে ক্ৰিকেটাৰগৰাকীক মেচ ফিক্সিঙৰ অ'ফাৰ প্ৰদান কৰিছিল ৷ ক্ৰিকেটাৰগৰাকীয়ে এই অ'ফাৰ প্ৰত্যাখ্যান কৰিছিল যদিও আইচিচিৰ দুৰ্নীতি বিৰোধী ইউনিটক এই কথা জ্ঞাত নকৰিলে ৷
বিবৃতি অনুসৰি,ক্ৰিকেটাৰগৰাকীয়ে আইচিচিৰ দুৰ্নীতি বিৰোধী ইউনিটৰ সৈতে মিলিত হৈছে আৰু বাংলাদেশ ক্ৰিকেট ব'ৰ্ডক এই নিষেধাজ্ঞা সম্পৰ্কত আইচিচিয়ে জনাইছে ৷ এই নিলম্বন কাৰ্যকৰী কৰিলে বাংলাদেশৰ ক্ৰিকেট তাৰকাগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে তিনিখন টি-20 আৰু দুখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷
উল্লেখ্য যে,কিছুদিন পূৰ্বে বাংলাদেশৰ ক্ৰিকেটাৰসকলে বিভিন্ন দাবীৰে ধৰ্মঘট কৰিছিল যদিও অৱশেষত ধৰ্মঘট প্ৰত্যাহাৰ কৰে ৷
আৰু পঢ়ক : প্ৰথমবাৰৰ বাবে টি-20 বিশ্বকাপত যোগ্যতা অৰ্জন পাপুৱা নিউ গুৱেনাৰ