ETV Bharat / sports

বিচিচিআইৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ সৌৰভ গাংগুলীৰ

বিচিচিআইৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে ৷ তেওঁৰ লগতে কাৰ্যালয়ৰ অন্যান্য বিষয়ববীয়া সকলেও দায়িত্বভাৰ গ্ৰহণ কৰে ৷

author img

By

Published : Oct 23, 2019, 7:50 PM IST

সৌৰভ গাংগুলীয়ে গ্ৰহণ কৰিলে বিচিচিআইৰ কাৰ্যভাৰ

স্পৰ্টছ ডেস্ক, 23 অক্টোবৰ : প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে বুধবাৰে ভাৰতীয় ক্ৰিকেট বৰ্ড চমুকৈ বিচিচিআইৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সন্মিলন (AGM)ৰ সময়ত গাংগুলীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল ৷ উল্লেখ্য যে,এই পদৰ বাবে মনোনয়ন দাখিল কৰা গাংগুলী একমাত্ৰ প্ৰাৰ্থী আছিল ৷

বিচিচিআইৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ সৌৰভ গাংগুলীৰ
সৌৰভ গাংগুলী আৰু অন্য বিষয়ববীয়াসকল

বিচিচিআইয়ে টুইটাৰৰ জৰিয়তে গাংগুলীয়ে পদত অধিস্থিত হোৱাৰ কথা জনায় ৷ বিচিচিআয়ে লিখে,"এয়া অফিচিয়েল ৷ সৌৰভ গাংগুলী বিচিচিআইৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হ'ল ৷"

বিচিচিআইৰ সভা

বিচিচিআইৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত প্ৰশাসন কমিটিৰ (CoA) সদস্য ডিয়ানা এডুলজিয়ে সাংবাদিকক জনাই, "মই বহু সুখী যে এজন ক্ৰিকেটাৰ সভাপতি হৈছে আৰু তেওঁ ভাৰতীয় দলক বহু ওপৰলৈ লৈ যাব ৷"

সভাপতিৰ স্থানত অধিস্থিত হোৱাৰ পাচতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে মন্তব্য কৰে, "এয়া এক সন্মান ৷ এয়া বিচিচিআইৰ বাবে নতুন আৰম্ভণী ৷" লগতে তেওঁ কয়, "ছয় বছৰৰ বাবে ভাৰতৰ বাবে অধিনায়কৰ দায়িত্ব পালন কৰাৰ সময়তো সকলো ধৰণৰ পৰিস্থিতিৰ সৈতে যুঁজিব লগা হৈছিল ৷ এতিয়া ভাৰতীয় ক্ৰিকেটত বিভিন্ন ধৰণৰ সংস্কাৰ সাধন কৰিব লাগিব আৰু ৰাজ্যিক এছ'চিয়েছন সমূহলৈ অৰ্থৰ অনুমোদন জনাব লাগিব ৷"

ইয়াৰ লগতে কাৰ্যালয় অধিকাৰ কৰিবলগা অন্য সদস্যসকলৰ নামো প্ৰকাশ কৰা হয় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ তথা গুজৰাট ক্ৰিকেট এছ'চিয়েছনৰ কাৰ্যালয়ৰ সদস্য জয় শ্বাহে বিচিচিআইৰ সম্পাদক হিচাপে নিযুক্তি লাভ কৰে ৷ মুম্বাইত অনুষ্ঠিত সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ইয়াৰ লগতে বিচিচিআইৰ অন্যান্য বিষয়ববীয়াসকল হৈছে -
অৰুণ সিং ধুমাল (কোষাধ্যক্ষ)
মহিম বৰ্মা (উপ সভাপতি)
জয়েশ জৰ্জ (যুটীয়া সম্পাদক)

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.