ETV Bharat / sports

ৰোহিতৰ দখলত টি - 20 ত সৰ্বাধিক ছয় সংগ্ৰহৰ অভিলেখ - ভাৰত বনাম ৱেষ্ট ইণ্ডিজ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয় খন টি - 20 মেচত সৰ্বাধিক ছয় কোবোৱা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ৰোহিত শৰ্মা ৷

ৰোহিত শৰ্মা
author img

By

Published : Aug 4, 2019, 10:42 PM IST

স্পৰ্টছ ডেস্ক, 4 আগষ্ট : ভাৰতীয় ক্ৰিকেট দলৰ অ'পেনাৰ বেটছমেন ৰোহিত শৰ্মা দেওবাৰে অন্য এক অভিলেখৰ অধিকাৰী হয় ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয় খন টি - 20 মেচত ক্ৰিছ গেইলক অতিক্ৰম কৰি এই অভিলেখৰ অধিকাৰী হয় ৰোহিত ৷ টি - 20 মেচত সৰ্বাধিক ছয় কোবোৱা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় তেওঁ ৷

ETV BHARAT ASSAM
ৰোহিত শৰ্মা

ৰোহিতে মেচখনত তিনিটাকৈ ছয় কোবাই ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰে ৷ বৰ্তমান সোঁহতীয়া বেটছমেন গৰাকীৰ দখলত আছে 107 টাকৈ আন্তৰাষ্ট্ৰীয় টি - 20 মেচৰ ছয় ৷ ইয়াৰ পৰিৱৰ্তে দ্বিতীয় স্থানত 105 টা ছয়েৰে ক্ৰিছ গেইল, 103 টা ছয়েৰে তৃতীয় স্থানত মাৰ্টিন গুপটিল আছে ৷

ইয়াৰোপৰি, 32 বৰ্ষীয় ৰোহিতৰ দখলত টি - 20 মেচৰ সৰ্বাধিক ৰাণ থকাৰ লগতে সৰ্বাধিক চাৰিটাকৈ শতক অৰ্জনৰো অভিলেখ তেওঁৰ নামত আছে ৷

উল্লেখ্য যে, দেওবাৰে ফ্লৰিডাৰ চেন্ট্ৰেল ব্ৰ'ৱাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত মেচত ৰোহিতে 51 টা বলত 6 টা চাৰি আৰু 3 টা ছয়েৰে 67 ৰাণৰ ইনিংছ খেলে ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতীয় দলে 5 টা উইকেট হেৰুৱাই 167 ৰাণ সংগ্ৰহ কৰে ৷

ROHIT SHARMA BECOMES THE BATSMAN WITH MOST NUMBER OF SIXES IN T20

টি 20 ত সৰ্বাধিক ছয় কোবোৱা বেটছমেন হিচাপে পৰিগণিত ৰোহিত

স্পৰ্টছ ডেস্ক, 4 আগষ্ট : ভাৰতীয় ক্ৰিকেট দলৰ অ'পেনাৰ বেটছমেন ৰোহিত শৰ্মা দেওবাৰে অন্য এক অভিলেখৰ অধিকাৰী হয় ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয় খন টি - 20 মেচত ক্ৰিছ গেইলক অতিক্ৰম কৰি অভিলেখৰ অধিকাৰী হয় ৰোহিত ৷ টি - 20 মেচত সৰ্বাধিক ছয় কোবোৱা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় তেওঁ ৷

ৰোহিতে মেচ খনত তিনিটাকৈ ছয় কোবাই ক্ৰিছ গেইলৰ স্থান অধিকাৰ কৰে ৷ সোঁহতীয়া বেটছমেন গৰাকীৰ দখলত এতিয়া 107 টাকৈ আন্তৰাষ্ট্ৰীয় টি - 20 মেচৰ ছয় আছে ৷ ইয়াৰ পৰিৱৰ্তে দ্বিতীয় স্থানত 105 টা ছয়েৰে ক্ৰিছ গেইল, 103 টা ছয়েৰে তৃতীয় স্থানত মাৰ্টিন গুপটিল আছে ৷

ইয়াৰোপৰি, 32 বৰ্ষীয় ৰোহিতৰ দখলত টি 20 মেচৰ সৰ্বাধিক ৰাণ থকাৰ লগতে সৰ্বাধিক চাৰিটাকৈ শতক অৰ্জনৰো অভিলেখ তেওঁৰ নামত আছে ৷

উল্লেখ্য যে, দেওবাৰে ফ্লৰিডাৰ চেন্ট্ৰেল ব্ৰ'ৱাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত মেচত ৰোহিতে 51 টা বলত 6 টা চাৰি আৰু 3 টা ছয়েৰে 67 ৰাণৰ ইনিংছ খেলে ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতীয় দলে 5 টা উইকেট হেৰুৱাই 167 ৰাণ সংগ্ৰহ কৰে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.