ETV Bharat / sports

মহেন্দ্ৰ সিং ধোনীৰ পৰা টেষ্ট কেপ লাভ কৰাটো বিশেষ অনুভূতি আছিল : কে.এল ৰাহুল

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত পোন প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন কে.এল ৰাহুলৰ । ধোনীৰ নেতৃত্বতেই ২০১৪ চনত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত পদাৰ্পণ কৰিছিল ৰাহুলে ।

Receiving Test cap from Dhoni was a 'special feeling', reveals KL Rahul

author img

By

Published : May 12, 2020, 10:00 AM IST

স্পৰ্টছ ডেস্ক, ১২ মে': শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্য কে.এল ৰাহুলে প্ৰকাশ কৰিলে নিজৰ আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ প্ৰথমখন মেচৰ কিছু অনুভৱৰ কথা । খেলুৱৈগৰাকীয়ে কয়, আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট খেলাৰ বাবে মহেন্দ্ৰ সিং ধোনীৰ পৰা টেষ্ট কেপ লাভ কৰাটো মোৰ বাবে এক বিশেষ অনুভূতি আছিল । টুইটাৰত চলা এক প্ৰশ্নোত্তৰ শিতানত এই কথা উল্লেখ কৰে ৰাহুলে ।

মোৰ বাবে সেইটো এটা বিশেষ আৰু আৱেগিক মূহুৰ্ত আছিল । মই ভবা নাছিলো মই সেইখন শৃংখলাত খেলাৰ সুযোগ লাভ কৰিম । এম.এছ ধোনীৰ পৰা কেপ লাভ কৰাটো মোৰ বাবে এক বিশেষ অনুভূতি আছিল - ৰাহুল

  • It was a special and emotional moment for me. I never thought I would get a chance to play in the series and it was a special feeling to get that cap from MS Dhoni https://t.co/5yirGYh7Q9

    — K L Rahul (@klrahul11) May 10, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাহুলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত নিজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচত অৱতীৰ্ণ হৈছিল । ধোনীৰ নেতৃত্বতেই ২০১৪ চনত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অভিষেক ঘটিছিল ৰাহুলৰ । অৱশ্যে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত পদাৰ্পণত সুন্দৰ প্ৰদৰ্শন কৰাত বিফল হৈছিল ৰাহুল । মেচখনৰ দুয়োটা ইনিংছত কেৱল ৩ আৰু ১ ৰান হে কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ।

Receiving Test cap from Dhoni was a 'special feeling', reveals KL Rahul
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত টেষ্ট ক্ৰিকেটত অভিষেক ৰাহুলৰ

কিন্তু ইয়াৰ পাচৰ মেচখনতেই মুৰুলী বিজয়ৰ সৈতে অপেনিং বেটিং কৰিবলৈ আহি টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৰাহুলে । কেৰিয়াৰৰ দ্বিতীয়খন মেচতেই শতক অৰ্জন কৰিছিল ৰাহুলে । ১১০ ৰানৰ ইনিংছ খেলিছিল ৰাহুলে । অৱশ্য়ে এই ৪ খন মেচৰ টেষ্ট শৃংখলাটোত ভাৰতে ২-০ ব্যৱধানত পৰাজয়বৰণ কৰিছিল ।

২৮ বছৰীয়া ৰাহুলে বৰ্তমানলৈকে ২৮ খন টেষ্টত অৱতীৰ্ণ হৈছে য'ত তেওঁৰ নামত আছে ২০০৬ ৰান । ইয়াত আছে ৫ টা শতক আৰু ১১ টা অৰ্ধশতক । আনহাতে এদিনীয়াত ৩২ খন মেচত অৱতীৰ্ণ হৈছে য'ত ৪ টা শতক আৰু ৭ টা অৰ্ধশতকেৰে ১,২৩৯ ৰান কৰিবলৈ সক্ষম হৈছে । ইপিনে আন্তঃৰাষ্টীয় টি-২০ ত ৰাহুলৰ নামত আছে ৪২ খন মেচত ১,১২৭ ৰান । য'ত ২ টা শতকো অন্তৰ্ভুক্ত হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.