স্পৰ্টছ ডেস্ক, 14 জানুৱাৰীঃ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে ৰঞ্জী ট্ৰফীৰ ৰাউণ্ড 5 ৰ গ্ৰুপ চিৰ অসম আৰু চত্তিশগড়ৰ মেচ ৷
চত্তিশগড় দলটোৰ প্ৰথম ইনিংছৰ 318 ৰানৰ প্ৰত্যুত্তৰত অসমে নিজৰ প্ৰথম ইনিংছ ঘোষণা কৰে 9 উইকেটৰ বিনিময়ত 464 ৰানত ৷ অসমৰ হৈ অধিনায়ক গকুল শৰ্মাই 129 ৰান কৰাৰ বিপৰীতে ঋষভ দাসে 99, ৰিয়ান পৰাগে 60, চাহিল জেইনে 88 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয় ৷ চত্তিশগড়ৰ হৈ প্ৰথম ইনিংছত শতক অৰ্জন কৰিছিল অমনদ্বীপ খাড়েয়ে ৷
বৰ্তমানে তৃতীয় দিনৰ খেলৰ অন্তত চত্তিশগড় দলটোৱে নিজৰ দ্বিতীয় ইনিংছত 1 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 25 ৰান ৷ দ্বিতীয় ইনিংছত অসমৰ হৈ একমাত্ৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অৰূপ দাসে ৷
খেলখনত এতিয়াও 121 ৰানৰ অগ্ৰগতি লৈ আছে ঘৰুৱা দল অসমে ৷ দুয়োটা দলৰ মাজত অনুষ্ঠিত মেচখন ড্ৰ’ৰ দিশে অগ্ৰসৰ হৈছে যদিও অন্তিম দিনত দুৰ্দান্ত বলিঙৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’লে জয় লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অসম দলটোৰ ৷