ETV Bharat / sports

দক্ষিণ আফ্ৰিকা টেষ্ট দলৰ নেতৃত্ব বহন কৰিব কুইণ্টন ডি ক‘কে

author img

By

Published : Dec 12, 2020, 2:25 PM IST

ডি ক‘ক পূৰ্বৰে পৰা আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু টি-20 মেচসমূহৰ অধিনায়ক হিচাপে নেতৃত্ব বহন কৰি আহিছে ৷ এইবাৰ তেওঁক টেষ্ট ক্ৰিকেট দলৰো নেতৃত্ব দিয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

Quinton de Kock appointed Proteas' Test captain for 2020-21 season
ক্ষিণ আফ্ৰিকাৰ টেষ্ট খেলৰ নেতৃত্ব বহন কৰিব কুইণ্টন ডি ক‘কে

স্পৰ্টচ ডেস্ক, 12 ডিচেম্বৰ : ক্ৰিকেট দক্ষিণ আফ্ৰিকা চমুকৈ চি.এছ.এ.ই উইকেট কীপাৰ তথা বেটচমেন কুইণ্টন ডি ক‘কক 2020-2021 ৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা বুলি শুকুৰবাৰে ঘোষণা কৰে ৷

উল্লেখ্য যে, ডি ক‘ক পূৰ্বৰে পৰা আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু টি-20 মেচসমূহৰ অধিনায়ক হিচাপে নেতৃত্ব বহন কৰি আহিছে ৷ এইবাৰ তেওঁক টেষ্ট ক্ৰিকেট দলৰো নেতৃত্ব দিয়াৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে ৷

দক্ষিণ আফ্ৰিকাই এইবাৰৰ গ্ৰীষ্মকালত সাতখন টেষ্ট মেচ খেলিব ৷ দলটোৱে দুখন মেচ শ্ৰীলংকাৰ বিৰুদ্ধে ইয়াৰ পাছতে পাকিস্তানৰ লগত দুখন, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচত অৱতীৰ্ণ হ‘ব ৷

ইতিমধ্যে দক্ষিণ আফ্ৰিকা ক্ৰিকেট বৰ্ডে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচৰ শৃংখলাৰ বাবে দলো ঘোষণা কৰিছে ৷

লগতে পঢ়ক: ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ গ্ৰহণ পাৰ্থিৱ পেটেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.