স্পৰ্টছ ডেস্ক, 19 জানুৱাৰীঃ ‘ইণ্ডিয়া এ’ আৰু ‘নিউজিলেণ্ড একাদশ’ৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া মেচত পৃথ্বী শ্ব'ৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ শ্ব'ৰ 100 টা বলত 150 ৰানৰ বিস্ফোৰক ইনিংছৰ ফলতেই ভাৰতে 49.2 অভাৰত সংগ্ৰহ কৰিবলৈ সক্ষম হয় 372 ৰান ৷
এই ইনিংছত শ্ব'ৰ বেটৰ পৰা আহে 22 টা চাৰি আৰু 2 টাকৈ ছয় ৷ ইপিনে ভাৰতৰ হৈ অধিনায়ক শুভমন গিলে 24, সূৰ্যকুমাৰ যাদৱে 26 আৰু বিজয় শংকৰে 58 ৰান কৰিবলৈ সক্ষম হয় ৷ মেচখনত 12 ৰানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ভাৰতে ৷
উল্লেখ্য যে, ডপিং টেষ্টত বিফল হৈ 8 মাহৰ নিষেধজ্ঞাৰ সন্মুখীন হৈছিল পৃথ্বী শ্ব’ ৷ ইয়াৰ পূৰ্বে ৰঞ্জী ট্ৰফীত মুম্বাইৰ হৈ ৰঞ্জী ট্ৰফীত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু কৰ্ণাটকৰ বিৰুদ্ধে আঘাতৰ সন্মুখীন হৈছিল খেলুৱৈগৰাকী ৷