ETV Bharat / sports

টি-20 ক্ৰিকেটৰ ইতিহাস : 2005 চনৰ আজিৰ দিনটোতে অনুষ্ঠিত হৈছিল টি-20 ক্ৰিকেট - 2005 চনৰ 17 ফেব্ৰুৱাৰী

টি-20 ক্ৰিকেটৰ পাৰিসাংখ্যিক যাত্ৰা সম্পৰ্কত এক প্ৰতিবেদন

ইতিহাস
টি-20 ক্ৰিকেট
author img

By

Published : Feb 17, 2020, 8:04 PM IST

স্পৰ্টছ ডেস্ক, 17 ফেব্ৰুৱাৰী : 2005 চনৰ 17 ফেব্ৰুৱাৰীত অকলেণ্ডত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল ক্ৰিকেট ইতিহাসৰ প্ৰথমখন পুৰুষ টি-20 মেচ ৷ এই মেচতে অষ্ট্ৰেলিয়াই 5 টা উইকেট হেৰুৱাই 241 ৰাণ গঢ়িবলৈ সক্ষম হৈছিল ৷ আনহাতে, আয়োজক দল নিউজিলেণ্ডে এই বিশাল ৰাণৰ পাহাৰ অতিক্ৰম কৰিবলৈ গৈ 170 ৰাণতে সকলো উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰিছিল ৷

টি-20 ক্ৰিকেট
টি-20 ক্ৰিকেটৰ কিছু তথ্য

মাত্ৰ 55 টা বলতে 98 ৰাণ সংগ্ৰহ কৰা সেই সময়ৰ অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকী পন্টিঙে 98 ৰাণৰ ইনিংছ উপহাৰ দি 'মেন অৱ দা মেচ' সন্মান লাভ কৰিছিল ৷

সেই সময়ৰ পৰাই ক্ৰিকেটৰ আটাইতকৈ চুটী ফৰমেটটোৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈ আহিছে ৷

কিয় আৰু কেতিয়া ?

ক্ৰিকেটত ৰোমাঞ্চ বৃদ্ধি কৰাৰ লক্ষ্যৰে টি-20 ক্ৰিকেটৰ ধাৰণাটো অনা হৈছিল ৷ ইয়াৰোপৰি, পূৰ্বৰ দীঘলীয়া ফৰমেটৰ সলনি চুটী ফৰমেটৰ পৰিচয়ৰ জৰিয়তে এই ক্ৰীড়াবিধৰ প্ৰতি সকলোৰে ৰুচি বৃদ্ধি কৰিবৰ বাবে টি-20 ক্ৰিকেটৰ উদ্ভাৱন কৰা হৈছিল ৷

2001 চনত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ (ECB) অধ্যক্ষক টি-20 ক্ৰিকেটৰ বিষয়ে প্ৰস্তাৱ প্ৰদান কৰা প্ৰথমজন ব্যক্তিজন আছিল ব'ৰ্ডৰে মাৰ্কেটিং মেনেজাৰ ষ্টুৱাৰ্ট ৰবাৰ্টছন ৷ ইয়াৰ পাচতে 2003 চনত ক্ৰিকেটৰ চুটী ফৰমেটটো সকলোৰে আগত পৰিচিত কৰোৱা হয় ৷

2003 চনৰ 13 জুনত দুই ইংলিছ দেশৰ মাজত প্ৰথমখন অ'ফিছিয়েল টি-20 মেচ অনুষ্ঠিত কৰা হয় ৷

ইয়াৰোপৰি, 2004 চনৰ 5 আগষ্টত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মহিলা দলৰ মাজত প্ৰথমখন টি-20 মেচ অনুষ্ঠিত হৈছিল আৰু এই মেচত নিউজিলেণ্ডে 9 ৰাণত জয় সাব্যস্ত কৰিছিল ৷

টি-20 ক্ৰিকেটৰ পাৰিসংখ্যিক যাত্ৰা সম্পৰ্কত এক বিশেষ প্ৰতিবেদন :

সৰ্বোচ্চ ইনিংছ :

2019 চনত ডেৰাদুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ 278/3 ৰাণ সংগ্ৰহ ৷

লক্ষ্য অনুসৰণ কৰি সৰ্ববৃহৎ জয় সাব্যস্ত কৰা ইনিংছ :

2018 চনত অকলেণ্ডত অনুষ্ঠিত মেচত 18.5 অ'ভাৰত 245/5 সংগ্ৰহ কৰি নিউজিলেণ্ডক পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়াই ৷

সৰ্বনিম্ন ইনিংছ :

2019 চনত 8.3 অ'ভাৰত তুৰ্কীৰ সংগ্ৰহ 21/10 ৷

বৃহৎ ব্যৱধানত জয়লাভ (ৰাণ) :

2019 চনত চেক গণৰাজ্যই তুৰ্কীক 257 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল ৷

এখন মেচৰ জৰিয়তে দুই দলে গোটোৱা সৰ্বমুঠ ৰাণ :

2016 চনত ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি 6 উইকেট হেৰুৱাই 245 ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 4 উইকেট হেৰুৱাই 244 ৰাণ সংগ্ৰহ কৰিছিল ৷ টি-20 ইতিহাসত দুই দলে সৰ্বমুঠ সংগ্ৰহ কৰিছিল 489 ৰাণ ৷

এটা ইনিংছত সৰ্বমুঠ ছয় :

2019 চনত ডেৰাদুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানে 22 টাকৈ ছয় কোবাইছিল ৷

এখন মেচত সৰ্বমুঠ ছয় :

ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত অনুষ্ঠিত এখন মেচত দুয়ো দলে সৰ্বমুঠ 32 টা ছয় কোবাইছিল ৷

টি-20 ক্ৰিকেট
আফগানিস্তান ক্ৰিকেট দল

ব্যক্তিগত অভিলেখ :

কেৰিয়াৰত সৰ্বাধিক ৰাণ সংগ্ৰহ :

ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে 76 টা টি-20 ইনিংছত বৰ্তমানলৈকে 2794 ৰাণ সংগ্ৰহ কৰিছে ৷

টি-20 ক্ৰিকেট
বিৰাট কোহলী

এটা ইনিংছত সংগ্ৰহ কৰা সৰ্বাধিক ৰাণ :

2018 চনত জিম্বাব'ৱেৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰণ ফিন্সে মাত্ৰ 76 টা বলত 172 ৰাণ সংগ্ৰহ কৰিছিল ৷

কেৰিয়াৰৰ সৰ্বাধিক বেটিং গড় :

আন্তৰাষ্ট্ৰীয় টি-20 মেচত কোহলীয়ে সংগ্ৰহ কৰা সৰ্বাধিক গড় হৈছে 50.80 ৷

কেৰিয়াৰৰ সৰ্বাধিক ষ্ট্ৰাইক ৰেট :

টি-20 ক্ৰিকেটত আফগানিস্তানৰ বেটছমেন হজৰতুল্লাহ জাজাইৰ ষ্ট্ৰাইক ৰেট হৈছে 162.69 ৷

আত্মপ্ৰকাশ ঘটোৱা মেচত সৰ্বাধিক ৰাণ :

ছাৰ্বিয়াৰ লা ডানবাৰে 2019 চনত টি-20 মেচত বুলগেৰিয়াৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰি অপৰাজিত 104 ৰাণ সংগ্ৰহ কৰিছিল ৷

কেৰিয়াৰৰ সৰ্বাধিক ছয় :

ভাৰতৰ অ'পেনাৰ ৰোহিত শৰ্মাই বৰ্তমানলৈকে 127 টা ছয় কোবাইছে ৷

টি-20 ক্ৰিকেট
ৰোহিত শৰ্মা

কেৰিয়াৰৰ সৰ্বাধিক উইকেট :

82 খন টি-20 মেচত অংশগ্ৰহণ কৰি শ্ৰীলংকাৰ বেগী বলাৰ লাছিথ মালিংগাই 106 টা উইকেট দখল কৰিছে ৷

টি-20 ক্ৰিকেট
লাছিথ মালিংগা

এটা ইনিংছত শ্ৰেষ্ঠ বলিং :

টি-20 ক্ৰিকেট ইতিহাসত দীপক চাহাৰে 7 ৰাণ প্ৰদান কৰি 6 টা উইকেট দখল কৰিছিল ৷ বাংলাদেশৰ বিৰুদ্ধে 2019 চনত তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল ৷

আত্মপ্ৰকাশ মেচৰ এটা ইনিংছত শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন :

2019 চনত লুক্সেমবাৰ্গৰ পেচাৰ অঙ্কুশ নন্দাই তুৰ্কীৰ বিৰুদ্ধে 5 টা উইকেট দখল কৰিছিল ৷

আৰু পঢ়ক : উছেইন বল্টৰ অভিলেখ ভংগ কৰা কৰ্ণাটকৰ শ্ৰীনিবাস গৌড়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.