ETV Bharat / sports

দহৰ ভিতৰত ৯ ৰ সম্ভাৱনা ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণ : CEO ৰবাৰ্টছ - ভাৰতীয় ক্ৰিকেট দল

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ CEO ৰবাৰ্টছৰ । ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণ ১০ ভিতৰত ৯ ৰ সম্ভাৱনা আছে বুলি কয় ৰবাৰ্টছে ।

On scale of 10, chance of India touring Australia is 9, says CA CEO Roberts

author img

By

Published : May 22, 2020, 5:17 PM IST

স্পৰ্টছ ডেস্ক, ২২ মে': বৰ্তমান সময়ত কৰ'ণা ভাইৰাছৰ মহামাৰীত জৰ্জৰিত হৈ আছে বিশ্ব । ইয়াৰ সমান্তৰালকৈ বাৰুকৈ প্ৰভাৱিত হৈছে ক্ৰীড়া জগতো । স্তব্ধ হৈ ৰৈছে সকলো প্ৰতিযোগিতা । আনহাতে ক্ৰিকেট মেচ সমূহো স্থগিত হৈ পৰাত যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়া ক্ৰিকেট ব'ৰ্ড । তাৰ পৰপেক্ষিতেই শৃংখলা আয়োজন কৰা অষ্ট্ৰেলিয়া ক্ৰিকেট বৰ্ডৰ বাবে হৈ পৰিছে গুৰুত্বপূৰ্ণ । কাৰণ মেচৰ সম্প্ৰসাৰণৰ বাবে লাভ হ'ব ৩০ কোটি ডলাৰ । কৰ'ণা ভাইৰাছৰ বাবেই ক্ৰিকেট অষ্ট্ৰেলিয়াই নিজৰ ৮০ শতাংশ কৰ্মচাৰীক জুন মাহ পৰ্যন্ত ২০ শতাংশ দৰমহা প্ৰদানৰ কথা ঘোষণা কৰিছিল ।

শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ মাজত অনুষ্ঠিত হ'বলগীয়া ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ CEO কেভিন ৰবাৰ্টছে ।

On scale of 10, chance of India touring Australia is 9, says CA CEO Roberts
অষ্ট্ৰেলিয়া ক্ৰিকেটৰ CEO কেভিন ৰবাৰ্টছ

ৰবাৰ্টছে কয়, বৰ্তমান সময়ত একো নিশ্চিত নহয় । মই নকও দূৰৱৰ্তী পৰিকল্পনাৰ সম্ভাৱনা দহৰ ভিতৰত দহে আছে । কিন্তু দহৰ ভিতৰত নৰ সম্ভাৱনা নিশ্চিত ভাৱে আছে বুলি উল্লেখ কৰে ৰবাৰ্টছে । আনহাতে দৰ্শক থাকিব নে নাই এতিয়াই কোৱা কঠিন হ'ব বুলি মত প্ৰকাশ কৰে ।

ইপিনে যদিহে ভাৰতৰ ভ্ৰমণ বাতিল হয় তেন্তে আশ্চৰ্যৰ অনুভৱ কৰিম । কিন্তু এইটো নিশ্চিত ভাৱে ক'বলৈ সক্ষম হ'ম যে যদিহে ভাৰত অষ্ট্ৰেলিয়া শৃংখলা আৰম্ভ হয় তেন্তে ভ্ৰমণৰ প্ৰাৰম্ভিক অৱস্থাৰে পৰা দৰ্শক ষ্টেডিয়ামত নাথাকিব । পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত চিন্তা কৰা হ'ব বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.