ETV Bharat / sports

হোৱাইট ৱাশ্বৰ সন্মুখীন নিউজিলেণ্ড : 5-0 ব্যৱধানত ভাৰতৰ শৃংখলা দখল

author img

By

Published : Feb 2, 2020, 5:28 PM IST

ভাৰতৰ হাতত হোৱাইট ৱাশ্ব নিউজিলেণ্ড ৷ শৃংখলা 5-0 ৰ ব্যৱধানত দখল ভাৰতৰ ৷ ইয়াৰ উপৰিও নিউজিলেণ্ডৰ মাটিত ঘৰুৱা দলটোক হৰুৱাই শৃংখলা দখল কৰা প্ৰথমটো দল হিচাপে বিবেচিত হয় ভাৰতীয় ক্ৰিকেট দল ৷

5-0 ব্যৱধানত ভাৰতৰ শৃংখলা দখল
নিউজিলেণ্ডক হোৱাইট ৱাশ্ব

স্পৰ্টছ ডেস্ক, 2 ফেব্ৰুৱাৰী : ভাৰতৰ হাতত হোৱাইট ৱাশ্বৰ সন্মুখীন হ'ল শক্তিশালী নিউজিলেণ্ড দল ৷ দেওবাৰে অনুষ্ঠিত মেচত নিউজিলেণ্ডক 7 ৰাণত পৰাস্ত কৰি শৃংখলা 5-0 ব্যৱধানত দখল কৰে ভাৰতীয় দলে ৷ ভাৰতে বান্ধি দিয়া 164 ৰাণৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে 9 টা উইকেট হেৰুৱাই 156 ৰাণ সংগ্ৰহ কৰে ৷

বে' অভেলত অনুষ্ঠিত মেচত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি 3 উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ অ'পেনাৰ ৰোহিত শৰ্মাই 41 টা বলত 60 ৰাণ সংগ্ৰহ কৰে ৷ তেওঁৰ উপৰি কে. এল. ৰাহুলে 33 বলত 45 আৰু শ্ৰেয়াস আয়াৰে 31 বলত 33 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ নিউজিলেণ্ডৰ হৈ স্কট কুগেলেইজিনে সৰ্বাধিত 2 টা উইকেট দখল কৰে ৷

হোৱাইট ৱাশ্বৰ সন্মুখীন নিউজিলেণ্ড
নিউজিলেণ্ড দল

ভাৰতে বান্ধি দিয়া 164 ৰাণৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে 9 টা উইকেট হেৰুৱাই 156 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ নিউজিলেণ্ডৰ হৈ টিম ছেইফাৰ্টে 30 বলত 50 ৰাণ আৰু ৰ'ছ টেইলৰে 47 বলত 53 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে সৰ্বাধিক 3 টাকৈ উইকেট দখল কৰাৰ লগতে নৱদ্বীপ ছাইনী আৰু শাৰদুল ঠাকুৰে 2 টাকৈ উইকেট দখল কৰে ৷

আৰু পঢ়ক : বাজেট 2020 : ক্ৰীড়াখণ্ডলৈ 2826.92 কোটি টকাৰ আৱন্টন

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.