স্পৰ্টছ ডেস্ক, ২ মাৰ্চঃ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত নিউজিলেণ্ডে সংগ্ৰহ কৰিলে নিজৰ টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক ৰান । হেমিল্টন টেষ্টত ৭১৫ ৰান কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় দলটোৱে । নিউজিলেণ্ডে ৬ উইকেটৰ বিনিময়ত ৭১৫ ৰান নিজৰ প্ৰথম ইনিংছ ঘোষণা কৰে ।
নিউজিলেণ্ডৰ হৈ অধিনায়ক কেন উলিয়ামচনে দ্বি শতক অৰ্জন কৰাৰ বিপৰীতে জিত ৰাভেল আৰু টম লেথামে কৰে শতক । ২০০ ৰান কৰি অপৰাজিত থাকে কেন উলিয়ামচন । আনহাতে লেথামে ১৬১ আৰু জিৎ ৰাভেলে ১৩২ ৰান কৰিবলৈ সক্ষম হয় । টছত জয়ী প্ৰথমে বেটিং কৰি এই বৃহৎ স্কৰ কৰিবলৈ সক্ষম হয় নিউজিলেণ্ডে । ইপিনে বাংলাদেশ দলটোৰ প্ৰথম ইনিংছ ২৩৪ ৰানতে সামৰে । শেহতীয়া তথ্য় অনুসৰি তৃতীয় দিনৰ খেলৰ অন্তত বাংলাদেশে নিজৰ দ্বিতীয় ইনিংছত ৪ উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ১৭৪ ৰান । এতিয়াও ৩০৭ ৰান পিছ পৰি আছে বাংলাদেশ দলটো ।