ETV Bharat / sports

সঠিক কাৰণত বিৰোধিতা কৰিবলৈ কেতিয়াও পলম নকৰিব : ক্ৰীছ গেইল

author img

By

Published : Jun 10, 2020, 3:09 PM IST

ডেৰেণ ছেমীৰ আইপিএলত বৰ্ণ বৈষম্যৰ বিস্ফোৰক অভিযোগৰ পাচতেই ছেমীৰ সমৰ্থনত নামিল ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বেটছমেন ক্ৰীছ গেইল ।

'Never too late to fight for right cause': Chris Gayle stands with Darren Sammy

স্পৰ্টছ ডেস্ক, 10 জুনঃ বেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ টি-২০ বিশ্বকাপ বিজয়ী অধিনায়ক ডেৰেণ ছেমীৰ সমৰ্থনত এইবাৰ বিধ্বংসী বেটছমেন ক্ৰীছ গেইল । ছেমীৰ সৰ্মথনত গেইলে কয়, সঠিক কাৰণত বিৰোধীতা কৰিবলৈ কেতিয়াও পলম নকৰিব ।

ডেৰেণ ছেমী
ডেৰেণ ছেমী

শেহতীয়াকৈ ডেৰেণ ছেমীয়ে আইপিএলত তেওঁৰ সৈতে বৰ্ণ বৈষম্য হোৱা বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰি ক্ৰিকেটজগতত আলোড়নৰ সৃষ্টি কৰিছিল । 2014ৰ আইপিএল সংস্কৰণত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে খেলি থকাৰ সময়ত সতীৰ্থ খেলুৱৈয়ে তেওঁ কালু নামেৰে অভিহিত কৰিছিল বুলি এক ভিডিঅ' যোগে এই অভিযোগ উত্থাপন কৰিছিল খেলুৱৈগৰাকীয়ে। তেওঁৰ ওপৰি শ্ৰীলংকাৰ ক্ৰিকেটাৰ থিছেৰা পেৰেৰাকো মাতিছিল বুলি কৈছিল কেৰেবিয়ান খেলুৱৈগৰাকীয়ে। ইয়াৰ পাচতেই ক্ৰিকেট মহলত ব্য়াপক চৰ্চা লাভ কৰিছিল বিষয়টোৱে ।

  • It’s never too late to fight for the right cause or what you’ve experienced over the years! So much more to your story, @darensammy88. Like I said, it’s in the game!! ✊🏿✊🏿✊🏿 https://t.co/w7btmQ3cYf

    — Chris Gayle (@henrygayle) June 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই সন্দৰ্ভত শেহতীয়াকৈ গেইলে টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয়, সঠিক কাৰণ বা আপুনি বছৰ ধৰি বছৰ যি অনুভৱ কৰিছে তাৰ বিৰুদ্ধে যুঁজিবলৈ খুব বেছি পলম হোৱা নাই ! আপোনাৰ কাহিনীত বহু কিবা আছে @ডেৰেণছেমী88 । যেনেকৈ মই কৈছিলো,এইটো খেলত আছে ।

ইয়াৰ পূৰ্বে ক্ৰীছ গেইলেও ক্ৰিকেটত বৰ্ণ বৈষম্যৰ বলিৰ সন্মুখীন হ'বলগীয়া হৈছিল বুলি উল্লেখ কৰিছিল ।

লগত চাওকঃ প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচা আৰু ডিজেলত ৪৫ পইচাকৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.