ETV Bharat / sports

আইচিচিৰ দশকটোৰ দলৰ তালিকা প্ৰকাশ, এদিনীয়া দলৰ নেতৃত্বত এমএছ

author img

By

Published : Dec 27, 2020, 8:51 PM IST

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে দশকটোৰ দলসমূহ ঘোষণা কৰিছে ৷ সেই অনুসৰি, ক্ৰিকেটৰ তিনিওটা সংস্কৰণৰ বাবে ঘোষণা কৰা দলসমূহৰ নেতৃত্বত আছে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলি আৰু মহেন্দ্ৰ সিং ধোনী ৷

আইচিচিৰ দশকটোৰ দলৰ তালিকা প্ৰকাশ, এদিনীয়া দলৰ নেতৃত্বত এমএছ
আইচিচিৰ দশকটোৰ দলৰ তালিকা প্ৰকাশ, এদিনীয়া দলৰ নেতৃত্বত এমএছ

স্পৰ্টছ ডেস্ক, 27 ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ঘোষণা কৰিছে দশকটোৰ দলীয় তালিকা ৷ ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণতে মহিলা আৰু পুৰুষৰ দলসমূহ ঘোষণা কৰিছে আইচিচিয়ে ৷ মুঠ পাঁচটা শাখাত ঘোষণা কৰা হৈছে দলসমূহৰ নাম ৷

আইচিচিয়ে পুৰুষৰ টেষ্ট দল, পুৰুষৰ টি-20 দল, মহিলাৰ টি-20 দল, পুৰুষৰ এদিনীয়া দল আৰু মহিলাৰ এদিনীয়া দল ঘোষণা কৰিছে ৷ ইয়াৰ উপৰিও পুৰুষ আৰু মহিলাৰ উভয় শাখাত দশকটোৰ সহযোগী খেলুৱৈৰ নামো ঘোষণা কৰিছে আইচিচিয়ে ৷

পুৰুষৰ দশকটোৰ সহযোগী খেলুৱৈৰ সন্মান কাইল কোইটজাৰক প্ৰদানৰ বিপৰীতে মহিলাৰ দশকটোৰ সহযোগী খেলুৱৈৰ সন্মান কেথৰীন ব্ৰাইছক প্ৰদান কৰা হৈছে ৷

আইচিচি দশকটোৰ পুৰুষ টি-20 দলটোত অধিনায়ক আৰু উইকেটকীপাৰ ৰখা হৈছে মহেন্দ্ৰ সিং ধোনীক ৷ দলটোত স্থান লাভ কৰিছে ৰোহিত শৰ্মা, ক্ৰিছ গেইল, এৰন ফিন্স, বিৰাট কোহলি, এবি ডিভিলিয়াৰ্চ, গ্লেন মেক্সৱেল, কাইৰেন পোলাৰ্ড, ৰশ্বিদ খান, জচপ্ৰীত বুমৰাহ আৰু লাচিথ মালিংগাই ৷

আইচিচি দশকটোৰ মহিলা টি-20 দলটোত অধিনায়ক ৰখা হৈছে মেগ লেনিঙক ৷ দলটোত স্থান লাভ কৰিছে এলিছা হেলী (উইকেটকীপাৰ), চোফি ডিভাইন, সুজী বেটছ, হৰমনপ্ৰীত কৌৰ, ষ্টেফনী টেইলৰ, ডিএণ্ড্ৰা ডাংটিন, এলিচ পেৰী, অন্যা শ্ৰুবছোল, মেগন শ্বট আৰু পুনম যাদৱে ৷

আইচিচি দশকটোৰ পুৰুষ এদিনীয়া দলটোতো মহেন্দ্ৰ সিং ধোনীক অধিনায়ক আৰু উইকেটকীপাৰ হিচাপে ৰখা হৈছে ৷ দলটোত স্থান লাভ কৰিছে ৰোহিত শৰ্মা, ডেভিদ ৱাৰ্নাৰ, বিৰাট কোহলি, এবি ডিভিলিয়াৰ্চ, শ্বাকিব-উল হাছান, বেন ষ্টোকছ, মিচেল ষ্টাৰ্ক, ট্ৰেণ্ট বোল্ট, ইমৰান তাহিৰ আৰু লাচিথ মালিংগাই ৷

আইচিচি দশকটোৰ মহিলা এদিনীয়া দলটোতো মেগ লেনিঙক অধিনায়ক আৰু উইকেটকীপাৰ হিচাপে ৰখা হৈছে ৷ দলটোত স্থান লাভ কৰিছে এলিছা হেলী, সুজী বেটছ, মিতালী ৰাজ, ষ্টেফনী টেইলৰ, চাৰা টেইলৰ, এলিচ পেৰী, ডেন ভেন নিকৰ্ক, মাৰিজেন কেপ, ঝুলন গোস্বামী আৰু অনিষা মহম্মদে ৷

লগতে আইচিচি দশকটোৰ টেষ্ট দলৰ অধিনায়ক হিচাপে ৰখা হৈছে বিৰাট কোহলিক ৷ দলটোত স্থান পাইছে এলিষ্টাৰ কুক, ডেভিদ ৱাৰ্নাৰ, কেন উইলিয়ামছন, ষ্টীভ স্মিথ, কুমাৰ ছাংগাৰকাৰা, বেন ষ্টোকচ, আৰ অশ্বিন, ডেল ষ্টেইন, ষ্টুৱাৰ্ট ব্ৰোড আৰু জেমছ এণ্ডাৰছনে ৷

লগতে পঢ়ক : ভাৰত বনাম অষ্ট্ৰেলিয়া : ৰাহানেৰ শতকেৰে নিয়ন্ত্ৰণত ভাৰতীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.