ETV Bharat / sports

টি-20 ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা মিথালী ৰাজৰ

আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত 2000 ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰ সন্ন্যাস ঘোষণা ৷ ভাৰতৰ হৈ টি-20 ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা মহিলা ক্ৰিকেটাৰ হৈছে মিথালী ৰাজ ৷ 88 খন টি-20 মেচত মিথালীৰ নামত আছে 2364 ৰান ৷

author img

By

Published : Sep 3, 2019, 3:43 PM IST

টি-20 ক্ৰিকেটৰ পৰা সন্ন্যাসৰ ঘোষণা মিথালী ৰাজৰ

স্পৰ্টছ ডেস্ক, 3 ছেপ্তেম্বৰ : আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটক বিদায় জনালে ভাৰতৰ পুৰুষ-মহিলা উভয়ে টি-20 ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা মহিলা ক্ৰিকেটাৰ মিথালী ৰাজে ৷ 88 খন টি-20 মেচত অৱতীৰ্ণ হোৱা মিথালীৰ নামত আছে 2364 ৰান ৷ ইয়াৰ লগতে মিথালীৰ নামত আছে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ 32 খন মেচত অধিনায়কৰ ভূমিকা পালন কৰাৰ অভিলেখ ৷ য’ত অন্তৰ্ভূক্ত আছে 2012 (শ্ৰীলংকা), 2014 (বাংলাদেশ), 2016 (ভাৰত) বিশ্বকাপ ৷

2016 চনত অধিনায়কৰ দায়িত্বৰ লগতে পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত ভুমুকি মাৰিছিল মিথালীয়ে ৷ আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত 2000 ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে মিথালী ৷ 2021 এদিনীয়া বিশ্বকাপক আগত ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে ৷

IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.