ETV Bharat / sports

ছিডনীৰ পৰা তৃতীয় টেষ্ট স্থানান্তৰ কৰিলে MCG ত বৃদ্ধি পাব দৰ্শকৰ আসন

author img

By

Published : Dec 26, 2020, 6:59 PM IST

ছিডনীৰ পৰা তৃতীয় টেষ্ট স্থানান্তৰ কৰিলে MCG ত বৃদ্ধি পাব দৰ্শকৰ আসন ৷ এই কথা জানিবলৈ দিয়ে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ সভাপতি ষ্টুৱাৰ্ট ফক্সে ৷

MCG
MCG

স্পৰ্টছ ডেস্ক, 26 ডিচেম্বৰ : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট ছিডনীৰ পৰা মেলবৰ্ণলৈ স্থানান্তৰ কৰিলে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত বৃদ্ধি কৰা হ'ব দৰ্শকৰ আসন ৷ বৰ্তমানৰ 30,000 ৰ পৰিৱৰ্তে আৰু অধিক আসন সংযোগ কৰা হ'ব ৷ কুইন্সলেণ্ডে জাৰী কৰা কঠোৰ কোৱাৰান্টাইন নিয়মৰ বাবে 7 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগা তৃতীয় টেষ্টত অনিশ্চয়তা আহি পৰিছে ৷ উল্লেখ্য যে, বৰ্তমান মেলবৰ্ণে দ্বিতীয় টেষ্টৰ আয়োজন কৰিছে আৰু এই টেষ্টত দৰ্শকৰ আসন 30,000 ৷

চতুৰ্থ তথা অন্তিম টেষ্ট ব্ৰিছবেনত 15 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৷ কিন্তু ছিডনীত তৃতীয় মেচত অংশ ল'লে দুয়োটা দলে স্বাস্থ্য নিয়মাৱলী অনুসৰি কোৱাৰান্টাইন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব ৷

মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ সভাপতি ষ্টুৱাৰ্ট ফক্সে কয়, "মই এই মেচ আয়োজন কৰিবলৈ পালে সুখী হ'ম কিন্তু সাধাৰণ লোকৰ স্বাস্থ্যৰ বাবে উপযোগী ব্যৱস্থা আমি ল'ব লাগিব ৷ MCG ত এই মেচ অনুষ্ঠিত হোৱাটো নিশ্চিত হ'লে আমি চৰকাৰৰ ওচৰলৈ গৈ অন্য এক পৰিকল্পনা দাখিল কৰিব লাগিব ৷" ছিডনী মৰ্ণিং হেৰাল্ডক এই কথা জানিবলৈ দিয়ে ফক্সে ৷

ফক্সে লগতে কয় যে, তেওঁলোকক এই দায়িত্ব অৰ্পন কৰিলে ল'বলৈ সাজু কিন্তু তেওঁ SGC য়ে এই মেচ আয়োজন কৰাটো বিচাৰে ৷

লগতে পঢ়ক : ভাৰত বনাম অষ্ট্ৰেলিয়া : দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত 195-ত সীমাৱদ্ধ কেংগাৰু বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.