ETV Bharat / sports

আজি ভাৰত-শ্ৰীলংকাৰ মাজত দ্বিতীয়খন টি-20 - দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ

গুৱাহাটীত প্ৰথমখন টি-20 পৰিতিক্ত হোৱাৰ পাচত মঙলবাৰে ইন্দোৰত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-20 মেচ ৷ হ’লকৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উত্তেজনাপূৰ্ণ মেচখন ৷

আজি শ্ৰীলংকা-ভাৰতৰ মাজত দ্বিতীয়খন টি-20

author img

By

Published : Jan 7, 2020, 9:56 AM IST

স্পৰ্টছ ডেস্ক, 7 জানুৱাৰীঃ গুৱাহাটীত বৰষুণৰ বাবে অভাৱনীয় পৰিস্থিতিৰ ফলত প্ৰথমখন টি-20 বাতিল হোৱাৰ পাচতেই আজি ইন্দোৰত হ’লকৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত দ্বিতীয়খন টি-20 মেচ ৷ এতিয়া দুয়োটা দলৰ বাবেই শৃংখলাত গুৰুত্বপূৰ্ণ কথা হ’ল যে, এখন মেচ বাতিল হোৱাৰ বাবে দল সমূহৰ হাতত অধিক সাল-সলনিৰ পৰিসৰ নাইকিয়া হ’ল ৷ ফলত ভাৰতীয় দলত ছঞ্জু ছেমচনৰ স্থান পোৱাক লৈ পুনৰ অনিশ্চয়তাই বিৰাজ কৰিছে ৷ প্ৰথমখন মেচতো ছেমচনক স্থান দিয়া হোৱা নাছিল ৷ গতিকে দুয়োটা দলেই প্ৰথমখন মেচ জয় লাভৰে শৃংখলাত অপৰাজয় হৈ থকাৰ উচিত চেষ্টা চলাব ৷

ইন্দোৰ ষ্টেডিয়ামত বৰ্তমানলৈকে এখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচেই অনুষ্ঠিত হৈছে ৷ 2017 চনৰ 22 ডিচেম্বৰত শ্ৰীলংকা আৰু ভাৰতৰ মাজতেই অনুষ্ঠিত হৈছিল একমাত্ৰ টি-20 মেচখন ৷ য’ত ভাৰতে 88 ৰানৰে বিশাল জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

দুয়োটা দলে তিনিখন মেচৰ টি-20 শৃংখলাত অৱতীৰ্ণ হৈছে ৷ অহা 10 জানুৱাৰীত পুণেত অনুষ্ঠিত হ’ব অন্তিমখন টি-20 মেচ ৷

ভাৰত বনাম শ্ৰীলংকা
ভাৰত বনাম শ্ৰীলংকা

ভাৰতীয় দলটো হৈছে: শিখৰ ধাৱান, লোকেশ ৰাহুল, বিৰাট কোহলি (অঃ), শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত, শিৱম ডুৱে, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰ, নৱদ্বীপ ছাইনী, জছপ্ৰীত বুমৰাহ, ৰবিন্দ্ৰ জাডেজা, যুজৱেন্দ্ৰ চাহাল, সঞ্জু ছেমচন, মনীষ পাণ্ডে ৷

শ্ৰীলংকা দলটো হৈছে: ডানুস্কা গোনাথিলকা, অভিস্কা ফাৰ্নাণ্ডো, কুশল পেৰেৰা, অশাদা ফাৰ্নাণ্ডো, ভানুকা ৰাজাপাক্সা, ধনঞ্জয় ডি ছিলভা, দাছুন ছানাকা, ইছুৰু উদানা, ৱানিন্দো হাছাৰাংগা, লাহিৰু কুমাৰা, লাছিথ মালিংগা (অঃ), নিৰোচন ডিকৱেলা, এঞ্জিলো মেথিউজ, কুশল মেণ্ডিছ, কাচুন ৰাজিথা , লক্ষণ চন্দকানা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.