ETV Bharat / sports

ৰাজকোটত উইকেটৰ শতক কুলদ্বীপৰ - ভাৰত আৰু অষ্ট্ৰেলিয়া দ্বিতীয় এদিনীয়া 2020

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত কুলদ্বীপ যাদৱৰ নতুন অভিলেখ ৷ 100 টা উইকেট সম্পূৰ্ণ কুলদ্বীপৰ ৷

ৰাজকোটত উইকেটৰ শতক সম্পূৰ্ণ কুলদ্বীপৰ
ৰাজকোটত উইকেটৰ শতক সম্পূৰ্ণ কুলদ্বীপৰ
author img

By

Published : Jan 18, 2020, 1:30 PM IST

স্পৰ্টছ ডেস্ক, 18 জানুৱাৰীঃ ৰাজকোটত ভাৰতীয় দলৰ জয়ৰ লগতে অভিলেখ গঢ়িবলৈ সক্ষম হ’ল চাইনামেন বলাৰ নামে খ্যাত কুলদ্বীপ যাদৱে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা দ্বিতীয়খন এদিনীয়া এলেক্স কেৰীৰ উইকেট লৈ নিজৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত সম্পূৰ্ণ কৰিলে এশটা উইকেট ৷

100 টা উইকেট সম্পূৰ্ণ কুলদ্বীপৰ
100 টা উইকেট সম্পূৰ্ণ কুলদ্বীপৰ

এই উইকেট দখল কৰি 100 টা উইকেট সম্পূৰ্ণ কৰা ভাৰতৰ তৃতীয়গৰাকী দ্ৰুততম খেলুৱৈৰ উপলব্ধি লাভ কৰিলে কুলদ্বীপে ৷ কুলদ্বীপে নিজৰ 58 সংখ্যক এদিনীয়া মেচত এই কৃতিত্ব অৰ্জন কৰে ৷ ইয়াৰ পূৰ্বে ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে 56 খন আৰু জছপ্ৰীত বোমৰাহই 57 খন এদিনীয়া মেচত এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে স্পিনাৰৰ তালিকাত আটাইতকৈ কম মেচত এই উপলব্ধি লাভ কৰা তৃতীয়গৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হৈছে কুলদ্বীপ ৷ প্ৰথম স্থানত 44 খন মেচৰে আফগানিস্তানৰ ৰাছিদ খান থকাৰ বিপৰীতে 53 খন মেচেৰে দ্বিতীয় স্থানত আছে পাকিস্তানৰ ছাকলেইন মুস্তাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.