ETV Bharat / sports

ৰাঁচী টেষ্ট: ৰোহিতৰ নামত খোদিত হ’ল বহু অভিলেখ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচী টেষ্টত ৰোহিত শৰ্মাৰ দ্বি-শতক ৷ দ্বি-শতক অৰ্জন কৰাৰ লগে-লগে বহু অভিলেখ ৰোহিত শৰ্মাৰ ৷

author img

By

Published : Oct 20, 2019, 5:51 PM IST

Updated : Oct 20, 2019, 6:23 PM IST

ৰাঁচী টেষ্ট: ৰোহিতৰ নামত খোদিত হ’ল বহু অভিলেখ

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ: ভাৰতীয় টেষ্ট দলৰ নতুন অপেনাৰ বেটছমেন ৰোহিত শৰ্মাৰ নামত খোদিত হ’ল বহু কেইটা অভিলেখ ৷ ৰাঁচী টেষ্টত কেৰিয়াৰৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰাৰ লগতে দ্বিপাক্ষিক শৃংখলাত আটাইতকৈ সৰ্বাধিক ছয় মৰা খেলুৱৈ হ’ল ৰোহিত শৰ্মা ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয়খন মেচত 212 ৰান কৰিবলৈ সক্ষম হয় ৷ 255 টা বলত দ্বি-শতক অৰ্জন কৰা ৰোহিতৰ ইনিংছত থাকে 28 টা চাৰি আৰু 6 টা ছয় ৷ ভাৰতৰ হৈ দ্বি-শতক অৰ্জন কৰা 24 সংখ্যক বেটছমেন হৈছে ৰোহিত শৰ্মা ৷

ৰোহিত শৰ্মাৰ দ্বি-শতক
ৰোহিত শৰ্মাৰ দ্বি-শতক

দ্বি-শতক অৰ্জন কৰা চতুৰ্থগৰাকী বেটছমেন-

  • টেষ্ট ক্ৰিকেট আৰু এদিনীয়া ক্ৰিকেটত দ্বি-শতক অৰ্জন কৰা বিশ্বৰ চতুৰ্থগৰাকী বেটছমেন আৰু ভাৰতৰ তৃতীয়গৰাকী হ’ল খেলুৱৈ হ’ল ৰোহিত শৰ্মা ৷ ৰোহিতৰ পূৰ্বে এই কৃতিত্ব গঢ়িছে শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ আৰু ক্ৰীছ গেইল ৷

টেষ্টত সৰ্বাধিক ছয় মৰা খেলুৱৈ-

  • ৰোহিতৰ নামত খোদিত হোৱা আন এক অভিলেখ হৈছে দ্বিপাক্ষিক শৃংখলাত আটাইতকৈ বেছি ছয় মৰাৰ অভিলেখ 16 টা ছয় মাৰি এই অভিলেখৰগৰাকী হয় ৰোহিত শৰ্মা ৷ বৰ্তমান লৈকে 19 টা ছয় মাৰিবলৈ সক্ষম হৈছে ৰোহিতে ৷ ৱেষ্ট ইণ্ডিজৰ ছিমৰণ হেটমেয়াৰৰ 15 টা ছয়ৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব লাভ কৰিছে ৰোহিতে ৷

তিনিটা শতক অৰ্জন কৰা বেটছমেন-

  • এটা শৃংখলাত 3 টাকৈ শতক অৰ্জন কৰা ভাৰতৰ দ্বিতীয়গৰাকী বেটছমেন হ’ল ৰোহিত শৰ্মা ৷ ৰোহিতে বিশাখাপট্টনমৰ প্ৰথম ইনিংছত 176 ৰান, দ্বিতীয় ইনিংছত 127 ৰান আৰু ৰাঁচী টেষ্টত 212 ৰান কৰিবলৈ সক্ষম হৈছে ৷ ৰোহিতৰ পূৰ্বে সুনীল গাভাস্কাৰৰ নামত আছে এই কৃতিত্ব ৷

ডন ব্ৰেডমেনৰ অভিলেখ ভংগ-

  • দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত ডন ব্ৰেডমেনৰ 71 বছৰীয়া অভিলেখ ভংগ ৰোহিত শৰ্মাৰ ৷ ঘৰুৱা ভূমিত টেষ্ট ক্ৰিকেটত গড়ে 99.84 ৰান কৰি এই কৃতিত্ব লাভ কৰে ৰোহিতে ৷ টেষ্ট ক্ৰিকেটত ডন ব্ৰেডমেনৰ ঘৰুৱা ভূমিত গড় ৰান হৈছে 98.22 ৷ অতি কমেও 10 টা ইনিংছৰ ভিত্তিত উলিওৱা হৈছে এই গড় ৰান ৷

ভাৰতত দ্বিতীয়বাৰৰ বাবে দ্বিতীয় ইনিংছত তিনিটা দ্বি-শতক-

  • এখন টেষ্ট শৃংখলাৰ দ্বিতীয় ইনিংছত দ্বিতীয়বাৰৰ বাবে তিনিটাকৈ দ্বি-শতক অৰ্জন ৷ প্ৰথম টেষ্টত ময়ংক আগৰৱালৰ 215 ৰান, দ্বিতীয় টেষ্টত বিৰাট কোহিলৰ 215* ৰান আৰু তৃতীয় টেষ্টত 212 ৰান কৰিবলৈ সক্ষম হয় ৰোহিতে ৷ ইয়াৰ পূৰ্বে 1955/56 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত তিনিটা দ্বি-শতক কৰিবলৈ সক্ষম হৈছিল ৷

লগতে চাওক-ৰাঁচী টেষ্ট : 497/9 ত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ

ETV SPORTS
Last Updated : Oct 20, 2019, 6:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.