ETV Bharat / sports

ধোনীৰ বাবে বিদায়ী মেচ অনুষ্ঠিত কৰিবলৈ বিচিচিআইক অনুৰোধ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 16, 2020, 9:29 AM IST

মাহী, যিজন ব্যক্তিয়ে ভাৰত আৰু ঝাৰখণ্ডক বহু গৌৰৱৰ মুহূৰ্ত প্ৰদান কৰিলে তেওঁ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় মাগিলে ৷ সকলোৰে প্ৰিয় ঝাৰখণ্ডত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীক নীলা জাৰ্ছী পৰিধান কৰা দেখিবলৈ পোৱা নাযাব ৷

Jharkhand CM Soren requests BCCI to host farewell match for Dhoni
ধোনীৰ বাবে বিদায়ী মেচ অনুষ্ঠিত কৰিবলৈ বিচিচিআইক অনুৰোধ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, 16 আগষ্ট : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বাবে এখন বিদায়ী মেচ অনুষ্ঠিত কৰিবৰ বাবে বিচিচিআইক অনুৰোধ জনাইছে ৷ উল্লেখ্য যে, শনিবাৰৰ দিনা অৱসৰ ঘোষণা কৰে ভাৰতৰ অন্যতম সফল অধিনায়ক তথা উইকেট-কীপাৰ বেটছমেন ধোনীয়ে ৷

ভাৰতৰ প্ৰাক্তন অধিনায়ক
মহেন্দ্ৰ সিং ধোনী

ৰাঁছীত জন্মগ্ৰহণ কৰা ধোনীয়ে অবিভক্ত বিহাৰৰ পৰা ঘৰুৱা ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাইছিল ৷ তেওঁ ঘৰুৱা ক্ৰিকেটত বিহাৰ, পূৱ জ'ন আৰু ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰিছিল ৷

39 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে 131 খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অংশগ্ৰহণ কৰি 36.84 গড়েৰে 7,038 ৰাণ সংগ্ৰহ কৰিছিল ৷ উইকেট-কীপাৰ বেটছমেনগৰাকীৰ বাবে বিদায়ী মেচৰ আয়োজন কৰিবলৈ অনুৰোধ জনাইছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ভাৰতৰ প্ৰাক্তন অধিনায়ক
মহেন্দ্ৰ সিং ধোনীৰ কেৰিয়াৰ

চোৰেনে টুইটাৰৰ জৰিয়তে কয়, "মাহী, যিজন ব্যক্তিয়ে ভাৰত আৰু ঝাৰখণ্ডক বহু গৌৰৱৰ মুহূৰ্ত প্ৰদান কৰিলে তেওঁ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আজি বিদায় ল'লে ৷ সকলোৰে প্ৰিয় ঝাৰখণ্ডত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীক নীলা জাৰ্ছী পৰিধান কৰা দেখিবলৈ পোৱা নাযাব ৷ কিন্তু দেশবাসীৰ আশা পূৰণ হোৱা নাই ৷"

  • देश और झारखण्ड को गर्व और उत्साह के अनेक क्षण देने वाले माही ने आज अंतराष्ट्रीय क्रिकेट से सन्यास ले लिया है।हम सबके चहेते झारखण्ड का लाल माही को नीली जर्सी पहने नहीं देख पायेंगे।पर देशवासियों का दिल अभी भरा नहीं। मैं मानता हूँ हमारे माही का एक फ़ेयरवेल मैच राँची में हो जिसका 1/2 pic.twitter.com/XFt5zBSvG8

    — Hemant Soren (घर में रहें - सुरक्षित रहें) (@HemantSorenJMM) August 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয়, "মই আশা কৰো বিশ্বই প্ৰত্যক্ষ কৰিব পৰাকৈ মাহীয়ে ৰাঁচীত এখন বিদায়ী মেচ লাভ কৰে ৷ মই বিচিচিআইক অনুৰোধ জনাইছো মাহীক এখন বিদায়ী মেচ দিবলৈ আৰু এই মেচখন ঝাৰখণ্ডে আয়োজন কৰিব ৷"

  • गवाह पूरा विश्व बनेगा।

    .@BCCI से अपील करना चाहूँगा हूँ माही का एक फेयरवेल मैच कराया जाये जिसकी मेजबानी पूरा झारखण्ड करेगा। 2/2

উল্লেখ্য যে, 2004 চনত ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ এদিনীয়া মেচত আত্মপ্ৰকাশ ঘটাইছিল আৰু তেতিয়াৰ পৰাই ভাৰতীয় ক্ৰিকেটত এক নতুন যুগৰ সূচনা হৈছিল ৷ নিজৰ শান্ত স্বভাৱ, নেতৃত্ব প্ৰদানকাৰী গুণ আৰু কঠিন প্ৰত্যাহ্বানক সহজে নেওচি মেচ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল দূৰ্দান্ত ক্ৰিকেটাৰগৰাকীয়ে ৷

বিশ্ব ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক হৈছে এম. এছ. ধোনী ৷ তেওঁৰ নেতৃত্বতে ভাৰতে 2011 চনত আইচিচি ক্ৰিকেট বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পূৰ্বে 2009 চনত তেওঁৰ নেতৃত্বতে ভাৰতে দক্ষিণ আফ্ৰিকাত টি-20 বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

ইংলেণ্ডত ভাৰতে 2013 চনত আইচিচি চেম্পিয়নছ ট্ৰফী দখল কৰাত ধোনী আইচিচি ট্ৰফীৰ সকলো ফৰমেটত দেশক জয়ৰ সোৱাদ দিয়া প্ৰথম আৰু একমাত্ৰ অধিনায়ক হিচাপে পৰিগণিত হয় আৰু এই অভিলেখ বৰ্তমান পৰ্যন্ত কোনেও ভংগ কৰিবলৈ সক্ষম হোৱা নাই ৷

ভাৰতৰ প্ৰাক্তন অধিনায়ক
মহেন্দ্ৰ সিং ধোনী

কেৱল সীমিত অ'ভাৰতে নহয়, তেওঁৰ নেতৃত্বতে ভাৰতে 2009 চনত টেষ্ট ক্ৰিকেটত বিশ্বৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰোপৰি ভাৰতীয় দলটোৱে 600 দিনতকৈ অধিক দিনৰ বাবে শীৰ্ষ স্থান দখল কৰিছিল ৷

তেওঁৰ নেতৃত্বত ভাৰতে 21 খন ঘৰুৱা টেষ্ট মেচত অপৰাজিত হৈ ৰৈছিল ৷ এয়া আছিল ভাৰতীয় অধিনায়ক হিচাপে ধোনীৰ অন্যতম অভিলেখ ৷ ইয়াৰোপৰি অধিনায়ক হিচাপে 332 খন মেচত নেতৃত্ব প্ৰদান কৰিও অভিলেখ স্থাপন কৰিছিল তেওঁ ৷

উইকেটৰ পাচফালেও কীপাৰ হিচাপে দূৰন্ত গতিৰ অধিকাৰী ধোনীৰ দখলত আছে 195 টা আন্তৰাষ্ট্ৰীয় ষ্টাম্পিং ৷ এয়া উইকেট কীপাৰ হিচাপেও তেওঁৰ অন্য এক অভিলেখ ৷

কেৰিয়াৰৰ অন্তিম সময়লৈকে তেওঁ 350 খন এদিনীয়াত অংশগ্ৰহণ কৰি 10,773 ৰাণ সংগ্ৰহ কৰিছে ৷ আনহাতে, তেওঁৰ সৰ্বাধিক স্কৰ হৈছে শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত 183 ৰাণ ৷ 98 খন টি-20 ত তেওঁ 37.60 গড়েৰে সংগ্ৰহ কৰিছে 1,617 ৰাণ ৷

'কেপ্টেইন কুল' হিচাপে খ্যাত ধোনীৰ ৰিভিউ চিষ্টেম সম্পৰ্কত থকা দখলৰ বাবে 'Decision-Review System's' ক 'Dhoni-Review System' হিচাপে নামাকৰণ কৰিবলৈও বহু লোকে খুহুতীয়া মন্তব্য আগবঢ়াইছিল ৷

2014 চনৰ ডিচেম্বৰত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি ঋধিমান সাহাক তেওঁৰ স্থানত সুযোগ প্ৰদান কৰিছিল ৷

90 খন টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ কৰি ধোনীয়ে 38.09 গড়েৰে সংগ্ৰহ কৰিছে 4876 ৰাণ ৷ 2017 চনত 50 অ'ভাৰৰ মেচত তেওঁ অধিনায়কৰ গধুৰ দায়িত্ব বিৰাট কোহলীক প্ৰদান কৰে ৷

আইপিএলত চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজৰ অপেনিং মেচৰ জৰিয়তে 29 মাৰ্চত ধোনীয়ে ক্ৰিকেটৰ পথাৰলৈ উভতাৰ কথা আছিল যদিও কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে আইপিএল স্থগিত ৰাখিব লগা হয় ৷ আইপিএলৰ বাবে 19 ছেপ্টেম্বৰৰ পৰা নতুন দিন ধাৰ্য কৰা হৈছে ৷ আৰৱ গণৰাজ্যত অনুষ্ঠিত হ'বলগা আইপিএলত তেওঁ চেন্নাই দলক নেতৃত্ব প্ৰদান কৰিব ৷

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মহেন্দ্ৰ সিং ধোনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.