ETV Bharat / sports

নিজ ঘৰত বহিয়ে দেশবাসী একত্ৰিত হ'ল : শচীন তেণ্ডুলকাৰ

প্ৰধানমন্ত্ৰীৰ আহ্বানক সকলোৱে পালন কৰা বাবে দেশবাসীক প্ৰশংসা কৰে শচীন তেণ্ডুলকাৰে ৷ এনে নিয়মানুৱৰ্তিতা অব্যাহত ৰাখিবলৈ আহ্বান ক্ৰিকেটাৰ গৰাকীৰ ৷

প্ৰাক্তন ভাৰতীয় বেটছমেন
শচীন তেণ্ডুলকাৰ
author img

By

Published : Mar 23, 2020, 8:07 PM IST

স্পৰ্টছ ডেস্ক, 23 মাৰ্চ : প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰে দেওবাৰে সমগ্ৰ দেশবাসীক প্ৰশংসা আগবঢ়ায় ৷ তেওঁ মন্তব্য কৰে যে, Covid-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে দেশবাসীয়ে জনতা কাৰ্ফিউ সমৰ্থন কৰাৰ লগতে জৰুৰীকালিন অৱস্থাত অতিৰিক্ত দায়িত্ব পালন কৰাসকলক সমৰ্থন জনাই এক ৰাষ্ট্ৰ হিচাপে একত্ৰিত হ'বলৈ সক্ষম হৈছে ৷

  • Today India came together even while staying in our homes.

    While we are at home there are many who are selflessly performing their duties.

    Thank you to each one of you for putting us before yourself.

    The discipline & commitment we showed today needs to continue.#JantaCurfew pic.twitter.com/Cda4z9L4R7

    — Sachin Tendulkar (@sachin_rt) March 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

"নিজ ঘৰতে বহি থাকিও দেশবাসী একত্ৰিত হ'বলৈ সক্ষম হৈছে ৷ আমি ঘৰত আশ্ৰয় লোৱাৰ সময়তে বহুসংখ্যক লোকে নিঃস্বাৰ্থ ভাৱে নিজৰ দায়িত্ব পালন কৰি আছে ৷"

"আমাৰ বাবে দায়িত্ব পালন কৰি থকাসকলক মই ধন্যবাদ জনাইছো ৷ আজি প্ৰদৰ্শন কৰা এই নিয়মানুৱৰ্তিতা আৰু দায়বদ্ধতা সদায় অব্যাহত ৰখা উচিত," টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে তেণ্ডুলকাৰে ৷

প্ৰাক্তন ভাৰতীয় বেটছমেন
শচীন তেণ্ডুলকাৰ

ইয়াৰ পাচতে হাত চাপৰি বজাই এটা ভিডিঅ' পোষ্ট কৰে 46 বৰ্ষীয় মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে ৷

উল্লেখ্য যে, দেওবাৰে চিকিৎসক আৰু চিকিৎসাখণ্ডত জড়িত সকলোকে এই জৰুৰীকালিন অৱস্থাত দায়িত্ব পালন কৰা বাবে হাত চাপৰি, বেল আৰু শংখ বজাই জয়ধ্বনি দিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সন্ধিয়া 5 বজাত 5 মিনিটৰ বাবে জয়ধ্বনি দিবলৈ জনোৱা এই আহ্বানক সকলোৱে পালন কৰা পৰিলক্ষিত হৈছিল ৷

দেশবাসীক প্ৰশংসা তেণ্ডুলকাৰৰ
তেণ্ডুলকাৰৰ কেৰিয়াৰ

ভাৰতীয় ক্ৰীড়া পৰিয়ালেও ৰাষ্ট্ৰজুৰি চলা এই বিপ্লৱত অংশগ্ৰহণ কৰে ৷ এই কাৰ্যত অংশগ্ৰহণ কৰে মল্লযুঁজাৰু বজৰংগ পুনিয়া, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অনিল কুম্বলে, ভাৰোত্তোলক মিৰাবাই চানু আৰু স্প্ৰীন্টাৰ হিমা দাসে ৷

আৰু পঢ়ক : কাইলৈ অন্ত পৰিব বিধানসভাৰ বাজেট অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.