স্পৰ্টছ ডেস্ক, 14 ফেব্ৰুৱাৰীঃ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালৰৰ লগতে বিৰাট কোহলিৰ অনুৰাগীলৈ সুঃখবৰ ৷ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালৰৰ নতুন প্ৰতীক মুকলি ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালৰ কৰ্তৃপক্ষই শুকুৰবাৰে মুকলি কৰে দলটোৰ নতুন প্ৰতীক ৷
টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দলটোৰ নতুন প্ৰীতক মুকলি কৰা হয় ৷ য’ত উল্লেখ কৰে, এইয়াই, যাৰ বাবে সকলোৱে অপেক্ষা কৰি ৰৈছিল ৷ নতুন যুগ, নতুন RCB ৷ প্লে বল্ড ৷
-
THIS IS IT. The moment you've been waiting for. New Decade, New RCB, New Logo! #PlayBold pic.twitter.com/miROfcrpvo
— Royal Challengers Bangalore (@RCBTweets) February 14, 2020 " class="align-text-top noRightClick twitterSection" data="
">THIS IS IT. The moment you've been waiting for. New Decade, New RCB, New Logo! #PlayBold pic.twitter.com/miROfcrpvo
— Royal Challengers Bangalore (@RCBTweets) February 14, 2020THIS IS IT. The moment you've been waiting for. New Decade, New RCB, New Logo! #PlayBold pic.twitter.com/miROfcrpvo
— Royal Challengers Bangalore (@RCBTweets) February 14, 2020
উল্লেখ্য যে, দুদিন পূৰ্বে অৰ্থাৎ বুধবাৰে ফেচবুক, ইষ্টাগ্ৰাম আৰু টুইটাৰকে ধৰি ছ’চিয়েল মিডিয়াৰ সকলো একাউণ্টৰ পৰা দলটোৰ প্ৰফাইল ফটো আদিকে ধৰি বহু প’ষ্ট আঁতৰ কৰি দিছিল ৷ যাৰ পাচতেই বিৰাট কোহলিকে ধৰি দলৰ অন্যান্য সদস্য হতচকিত হৈছিল ৷
দলটোৰ পূৰ্বৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখিয়ে কৰ্তৃপক্ষই এনে সিদ্ধান্ত লোৱা বুলি অনুমান কৰিব পাৰি ৷ কাৰণ 2017 আৰু 2019 বৰ্ষত দলটোৱে যথেষ্ট নিৰাশাজনক প্ৰদৰ্শন কৰিছিল ৷ আনহাতে 2018 চনত দলটো ষষ্ঠ স্থানতেই সন্তুষ্ট থাকিবলগীয়া হৈছিল ৷ দলটোৱে অন্তিমবাৰৰ বাবে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল 2016 চনত য’ত ফাইনেলত স্থান লাভ কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালৰৱে ৷