ETV Bharat / sports

আইপিএল 2020 : দিল্লীত বাতিল সকলো মেচ

author img

By

Published : Mar 13, 2020, 3:15 PM IST

আইপিএলৰ সকলো মেচ বাতিল হ'ল দিল্লীত ৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ'ডিয়াই ঘোষণা কৰে এই কথা ৷

দিল্লীত বাতিল আইপিএল 2020
ৰোহিত শৰ্মা আৰু এম. এছ. ধোনী

স্পৰ্টছ ডেস্ক, 13 মাৰ্চ : দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ'ডিয়াই শুকুৰবাৰে ঘোষণা কৰে যে, আইপিএল, 2020 ৰ মেচ অনুষ্ঠিত নহয় দেশৰ ৰাজধানী দিল্লীত ৷ কৰ'ণাভাইৰাছৰ প্ৰকোপ দেশত বৃদ্ধি পাই অহাৰ পৰিপেক্ষিতত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী
মনীশ শিশোদিয়া

উল্লেখ্য যে, 29 মাৰ্চৰ পৰা আইপিএলৰ দিন ধাৰ্য কৰা হৈছিল ৷ টুৰ্ণামেন্টৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ ৷ আনহাতে, ক্ৰিকেটৰ এই বৃহৎ প্ৰতিযোগিতাখনৰ 7 খনকৈ মেচ দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

কৰ'ণাভাইৰাছ আতংক
ভাৰতত সৰ্বমুঠ কৰ'ণাভাইৰাছত আক্ৰান্ত লোক

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মনীষ ছিছ'ডিয়াই কয়, "যিহেতু আইপিএলত বৃহৎ সংখ্যক দৰ্শকৰ সমাগম হয় সেয়েহে আমি দিল্লীত মেচসমূহ বাতিল কৰিছো ৷ জনসমাগমৰ পৰা আঁতৰত থাকিলেহে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পৰা যাব ৷"

দিল্লীত বাতিল আইপিএল 2020
কৰ'ণাভাইৰাছৰ প্ৰভাৱ ক্ৰিকেটত

উল্লেখ্য যে, কৰ'ণাভাইৰাছ আতংকৰ বাবে কেৱল আইপিএল মেচেই প্ৰভাৱান্বিত হোৱা নাই ৷ বিশ্বৰ বিভিন্ন স্থানৰ বিভিন্ন ক্ৰীড়াক্ষেত্ৰৰ বহুসংখ্যক মেচত ইয়াৰ বাবে বাধাৰ সৃষ্টি হৈছে ৷ আগন্তুক বিশ্বকাপ কোৱালিফায়াৰ্ছো বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফিফাই ৷ইয়াৰোপৰি, আইপিএল, 2020 অনুষ্ঠিত নকৰিবৰ বাবে ভাৰত চৰকাৰে বিচিচিআইক অনুৰোধ জনাইছে ৷ কিন্তু, চূড়ান্ত সিদ্ধান্ত আয়োজকে গ্ৰহণ কৰিব বুলিও চৰকাৰী পক্ষই জানিবলৈ দিয়ে ৷

এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে বিচিচিআইয়ে সকলো দলৰে স্বত্বাধিকাৰীক এক বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছে ৷ 14 মাৰ্চত সকলো দলৰে স্বত্বাধিকাৰীৰ লগত এই বৈঠক অনুষ্ঠিত হ'ব ৷ 15 এপ্ৰিললৈকে সকলো ভিছা বাতিল কৰাৰ পৰিপেক্ষিতত আইপিএলৰ কাৰ্যসূচীত প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

আৰু পঢ়ক : কৰ'ণাভাইৰাছ আতংক : ভাৰতীয় দূতাবাসৰ হেল্পলাইন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.